“হেঁপাহৰ ভোগালী”- ৰশ্মি ৰেখা দুৱৰা

Pc the sentinel assam
“হেঁপাহৰ ভোগালী”
ৰশ্মি ৰেখা দুৱৰা
আমাৰ সকলোৰে বাবে প্ৰত্যেকটো বিহুয়ে বৰ হেঁপাহৰ।মাঘ বিহুটো কোনো ব্যতিক্ৰম নহয়।মাঘ বিহুক ভোগালী বিহু বুলিয়ো কোৱা হয়।আঘোণৰ পথাৰৰ ধানবোৰ চপোৱা লগে-লগে পথাৰবোৰ মুকলি হৈ পৰে, আৰু গাঁৱৰ ডেকা-বুঢ়া সকলোৱে বিহুৰ বাবে প্ৰস্তুতি চলায়।খড়ি কাটি শুকুৱায় মেজি বনাবৰ বাবে,নৰা কাটি ভেলাঘৰ সাজে।সেই ভেলাঘৰতে ডেকাসকলে কেইবাদিনৰ আগৰ পৰা থাকি মেজি ৰখীয়া হয়।চৌদিশে উখল-মাখল পৰিৱেশ,গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৰে গাঁত তৰণি নাইকিয়া হয়।চাৰিওফালে ঢেঁকীৰ গুমগুমনিত সান্দহ,চিৰা,পিঠাবোৰে প্ৰাণ পাই উঠে।মেজি ৰখীয়া ডেকা সকলক পিঠা-পনা বনাই জীয়ৰী-বোৱাৰী সকলে চাহ দিয়েগৈ।গাঁৱৰ সমাজতহে এই আনন্দ উপভোগ কৰিবলৈ পোৱা যায়।আঘোণৰ পথাৰৰ ধানেৰে ভঁৰাল উপচাই ভোগালী বিহুত ৰাইজ সমিল-মিলেৰে এসাঁজ একেলগে ভোগ কৰে।উৰুকাৰ ৰাতি ডেকা সকলে স্ফূৰ্তিতে ভঙা জেউৰা,কুঁহিয়াৰ,নাৰিকল আদি চুৰ কৰি আনে ভেলাঘৰলৈ।কিছু ঠাইত ঠাইত হাঁহ কুকুৰা চুৰ কৰাওঁ দেখা যায় যদিও সেয়া গ্ৰহণ যোগ্য নহয়।এই বিহুৰ লগত সংগতি ৰাখি কিছু খেল-ধেমালিয়ো অনুষ্ঠিত কৰে,যাতে শিশুসকল খেলৰ প্ৰতি আগ্ৰহী হ’ব পাৰে।কিছুঠাইত উৰুকাৰ দিনা ভোজভাত খায় আৰু কিছুঠাইত দুমাহিৰ দিনাও ভোজভাত খোৱাও দেখা যায়।দুমাহী বা সংক্ৰান্তি দিনা পুৱাই গাঁৱৰ ৰাইজে মিলি একেলগে মেজিৰ জুই ফুৱাই।মেজিত তিনিজন ল’ৰাই অগ্নি সংযোগ কৰা দেখা যায়,এই নিয়ম অতীজৰে পৰা চলি আহিছে।মেজি জ্বলোৱাৰ আগত বহুতে চাকি জ্বলাই আশীৰ্বাদো লয়।তাৰপাছত ডেকাসকলক চাহ,জলপান,লাড়ু,পিঠা,মিঠা আলু,কাঠ আলু আদিয়ে চাহ দি ঘৰাঘৰি আহি পৰিয়ালৰ সতে চাহ-জলপান গ্ৰহণ কৰে।মেজি জ্বলি শেষ হোৱাৰ পাছত সকলোৱে পথাৰত একগোট হৈ কুকুৰা যুঁজ,কণী খেল,ৰছী টনা,টেকেলি ভঙা,দৌৰ আদি খেলবোৰ অনুষ্ঠিত কৰি সৰু ল’ৰা-ছোৱালী সকলক পুৰস্কৃত কৰি উৎসাহিত কৰা দেখা যায়।ম’হ যুঁজ বৰ্তমান সময়ত লুপ্ত হৈছে যদিও কিছু ঠাইত পৰম্পৰা ধৰি ৰাখিবৰ বাবে ম’হ যুঁজ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে।গাঁৱৰ সমাজৰ বৰ আনন্দৰ তিনিওটা বিহু।প্ৰত্যেকটো বিহুয়ে অতি আদৰৰ।চহাজীৱনৰ কৃষিৰ লগত সম্বন্ধ।ধান সিঁচা,ধান ৰুৱা,ধান চপোৱা আদি।বাপতি-সাহন বিহুকেউটাকে উলহ-মালহেৰে পালন কৰি পৰম্পৰা ৰক্ষা কৰাটোৱেই আমাৰ দায়িত্ব।