পাভ সংৰক্ষিত বনাঞ্চলত ব্যাপক উচ্ছেদ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  বেদখলকাৰীৰ কবলত পৰা এসময়ৰ বনৰীয়া ম’হ, নল গাহৰি তথা জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নাওবৈচাৰ পাভ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান৷ এই উচ্ছেদত মুঠ ৮০০ আৰক্ষী জোৱান নিয়োগ কৰা হয়৷ উল্লেখযোগ্য যে ৪৬২৮.৮৭ হেক্টৰ মাটিকালিৰ বনাঞ্চলখনৰ ৪৫০ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত আছিল৷ ১৯৪১ চনত স্বীকৃতি পোৱা এই বনাঞ্চলত দীৰ্ঘদিন ধৰি সন্দেহজনক লোকে গছ-গছনি কাটি তহিলং কৰি ঘৰ সাজি বসবাস কৰি আহিছে৷ সৰ্বমুঠ ৫০৭টা সন্দেহজনক পৰিয়ালে দখল কৰি সাজিছিল ঘৰ৷ এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলিছে৷ উল্লেখযোগ্য যে এসময়ৰ লখিমপুৰ জিলাৰ গৌৰৱ পাভ সংৰক্ষিত বনাঞ্চলৰ চৰকাৰী ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ বিভিন্ন মহলে দাবী জনাই অহাৰ পাছত চৰকাৰ-প্ৰশাসনৰ সহযোগিতাত আজিৰ পৰা লখিমপুৰ জিলা প্ৰশাসনে যুদ্ধংদেহি তৎপৰতাৰে উচ্ছেদ অভিযানত নামি পৰে৷ বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰাপত্তা আৱেষ্টনীৰ মাজেৰে আজি পুৱাৰে পৰা পাভ সংৰক্ষিত বনাঞ্চলৰ চাৰিবেৰৰ ভিতৰৰ চৰকাৰী ভূমিত বসবাস কৰি থকা বেদখলকাৰীৰ বাসগৃহত চলাইছে এস্কেভেটৰৰ হাতোৰা৷ প্ৰশাসনে উচ্ছেদ অভিযানত ৪০খন এস্কেভেটৰ আৰু ২২ খন ট্ৰেক্টৰ ব্যৱহাৰ কৰে৷ বনাঞ্চলখনৰ ৪৫০ হেক্টৰ বেদখলকৃত ভূমিৰ ভিতৰত আজি ২৫০ হেক্টৰ ভূমি প্ৰশাসনে বেদখলমুক্ত কৰে৷ প্ৰশাসনে বেদখলকাৰীয়ে খন্দোৱা বৃহৎ বৃহৎ পুখুৰী এস্কেভেটৰ আৰু ট্ৰেক্টৰেৰে খান্দি একাকাৰ কৰে৷ আঠ শতাধিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় বনাঞ্চলখনৰ চৰকাৰী ভূমি উচ্ছেদ অভিযানত৷ বনাঞ্চলখনৰ কাষৰীয়া লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, বনাঞ্চলখনৰ চৰকাৰী ভূমিত বসবাস কৰা বেদখলকাৰীসকল ইতিমধ্যে বনাঞ্চলখনৰ পৰা আঁতৰি গৈছে৷ জিলা বন প্ৰাধিকাৰী বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, সম্পূৰ্ণ শান্তিপূৰ্ণভাৱেই অভিযানৰ সামৰি পৰে৷ বেদখলমুক্ত হোৱাৰ পাছত সংৰক্ষিত বনাঞ্চলখনৰ ১০০ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰাৰ লগতে বনাঞ্চলত পূৰ্বৰ দৰে ম’হৰ বসতিপ্ৰধান এলেকা হিচাপে গঢ়ি তুলিবৰ বাবে পৰিকল্পনা কৰা হ’ব বুলি উল্লেখ কৰে৷