সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ

সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ, ২০২৩ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক্ৰীড়া মহোৎসৱৰ উদ্ধোধন কৰে।গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ, ২০২৩ত  অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৯খন জিলাৰ সৰ্বমুঠ ৭২৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে। ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শূন্য ৰেখাৰ পৰা ২০ কিলোমিটাৰৰ দূৰত্বৰ ভিতৰৰ ৯খন জিলাত জিলা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা খেলুৱৈসকল এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী,  কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, কাছাৰ আৰু কৰিমগঞ্জ- এই ৯খন জিলাত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত মুঠ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে  এই ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে। ২০২২ বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাজ্যিক ভিত্তিক এই ক্ৰীড়া মহোৎসৱে এইবেলি দ্বিতীয়টো বছৰত ভৰি দিলে। এইবাৰৰ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে ১০০, ২০০, ৮০০, ১৫০০ মিটাৰৰ দৌৰ, ৪x১০০ মিটাৰ ৰিলে দৌৰ, হাইজাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰো, দিছকাচ থ্ৰো, ফুটবল আৰু কাবাদী খেলৰ প্ৰতিযোগিতাত অংশ ল’ব।অনুষ্ঠানত ভাষণ দি মন্ত্ৰী সিংহলে কয়— “ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশৰ‌ সৰ্বাংগীণ উন্নতিৰ কাৰণে সহায়-সহযোগ কৰিবলৈ  ২০০৮ চনত জন্ম লাভ কৰা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে প্ৰতিষ্ঠাৰ দিন ধৰি অসমৰ ৯খন সীমান্তৱৰ্তী জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ আৰ্থ-সামাজিক ‌উন্নয়নৰ কাৰণে বিভিন্নধৰণৰ উন্নয়নমূলক কাম কৰি আহিছে। ক্ৰীড়াই সমাজৰ বহনক্ষম প্ৰগতিক নিশ্চিত কৰাৰ লগতে মানুহক সুস্থ-সবল হৈ থাকি ৰোগ-ব্যধিৰ পৰা নিলগত থকাৰ শক্তি প্ৰদান কৰে।” উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, এন.আই.আৰ.ডি. আৰু পঞ্চায়তীৰাজৰ সঞ্চালক ডঃ আৰ. মুৰুগেশন, কমনৱেলথ গেমছৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈ অৰ্জুন নয়নমনি শইকীয়া, দিল্লীৰ “হান্স কালচাৰেল চেন্টাৰ”ৰ অপাৰেচনাল হেড বিকাশ বাৰ্মা আৰু সীমান্ত ক্ৰীড়া মকহোৎসৱ, ২০২৩ ৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ শৰ্মাৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।