গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ জাল কটা জুই উন্মোচন

গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ জাল কটা জুই উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  আগশাৰীৰ প্ৰকাশন পূৰ্বয়াণ প্ৰকাশনৰ উদ্যোগত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত যুৱ গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ গল্পপুথি “জাল কটা জুই আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। ইপিনে গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট কথাশিল্পী অপূৰ্ব শৰ্মাই।নিজৰ উন্মোচনী ভাষণত বিশিষ্ট কথাশিল্পী গৰাকীয়ে কয় যে এক নিজস্ব কৌশল অৱলম্বন কৰি গল্প সৃষ্টিকৰা নয়নজ্যোতি গল্পকাৰ হিচাপে খুব সংবেদনশীল। উল্লেখযোগ্য যে পূৰ্বায়ণ প্ৰকাশনৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূণ গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট সমালোচক ডঃপৰী হিলৈদাৰী ,জ্যেষ্ঠ সাংবাদিক গল্পকাৰ বিতোপন বৰবৰা,গল্পকাৰ অৰূপ কুমাৰ নাথ, বিশিষ্ট ঔপন্যাসিক গীতালি বৰাৰ লগতে পূৰ্বয়াণ প্ৰকাশনৰ স্বত্বাধিকাৰ ডঃ অমৃত কুমাৰ উপাধ্যায়। ইপিনে কেইবগৰাকীও গল্পকাৰ সাহিত্য অনুৰাগী উপস্থিত থকা অনুষ্ঠানটি আঁতধৰে ময়ুৰী দত্তই।