শীতৰ কুৱলী ঠেলি পোহৰক লওঁ আদৰি – মানসী মিশ্ৰ

Pc Business Standard

শীতৰ কুৱলী ঠেলি পোহৰক লওঁ আদৰি ….
নতুন প্ৰত্যাশাৰে আদৰি লওঁ আহক
২০২৩ বৰ্ষটিক

মানসী মিশ্ৰ

শীত আহে সিক্ত চুবুৰীৰ নিয়ৰৰ ফাঁকে ফাঁকে, গোলাপৰ পাহে পাহে । শীত মানেই প্ৰকৃতিৰ নিৰিবিলি পৰিবেশত বালিভাত খোৱাৰ বতৰ, শীত মানেই যেন নতুনক আদৰি লোৱাৰ ৰঙবিৰঙী অনুভৱ । শীতৰ আগমনৰ লগেই লগেই বিলীন হৈ যায় সময়ৰ আহ্বানত একোটা মূল্যবান বৰ্ষ অতীতৰ বুকুত । এই নিয়ম সৰোগত কৰিয়েই সময়ৰ মহাসৌঁতত বিলীন হবলৈ ওলাইছে ২০২২ বৰ্ষটো । নিশা বাৰ বজাৰ লগে লগে হৰ্ষোল্লাসৰ মাজত আতচবাজীৰ ৰঙা, নীলা পোহৰৰ মাজেদি আকোঁৱালি লোৱা বৰ্ষটো চকুৰ পলকতে  যে কেনেদৰে পাৰ হৈ যায় মানুহে ধৰিবই নোৱাৰে । মানুহে বহুতো আশা , আকাংখা, হেঁপাহ বুকুত আকৌ আঁকোৱালি লব নতুন বৰ্ষ এটিক । পুৱাৰ কোমল মিঠা ৰ’দ জাকে আদৰি আনিব  সকলোৰে বাবে হেঁপাহৰ ভৰা সপোনেৰে ভৰা এটি নতুন বছৰক । ঠিক এনেদৰেই আৰম্ভ হয় একোটা নতুন বৰ্ষ । টি.ভি.ৰ চেনেল কেইটা প্ৰচাৰ কৰা কেইটামান বিশেষ বিশেষ অনুষ্ঠান, প্ৰতিগৰাকী ব্যক্তিলৈ দূৰভাষ, মবাইল ফোনত অহা শুভেচ্ছা বাৰ্তাৰ মাজেদিয়েই প্ৰতিগৰাকী মানুহৰ হেঁপাহৰ, আদৰৰ নতুন বছৰটো আৰম্ভ হয় ।আজিকালিৰ দিনত ৰঙ বিৰঙৰ গ্ৰীটিংছকাৰ্ড খনৰ সাদকতা আৰু চাহিদা বহু পৰিমাণে কমি গ’ল । তাৰ ঠাই ললে মোবাইল ফোনটোৱে, ইন্টাৰনেটে । এনেদৰে শুভেচ্ছাৰ আদান – প্ৰদানেৰে আদৰি লোৱা নতুন বছৰটো চকুৰ পলকতে পুৰণি হৈ আমাৰ মাজৰ পৰা বিদায় লবলৈ ওলায় । এই মহামূল্যৱান বছৰ একোটাৰ কোনোবাটো দিনে কাৰোবাৰ বাবে কঢ়িয়াই আনে সাফল্যৰ বতৰা, কাৰোবাৰ বাবে অন্তহীণ বেদনা, কাৰোবাৰ বাবে বুকুভৰা বিষাদ । এইদৰে মাত্ৰ একোটা দিনেই পৰিৱৰ্তন কৰিব পাৰে জীৱনৰ ছন্দ, জীৱনক দিব পাৰে নতুন গতি।সেয়েহে প্ৰতিটো বৰ্ষই প্ৰতিগৰাকী ব্যক্তিৰ বাবে বহুত মূল্যৱান ।কোনো এটা বছৰতে আমি মনে বিচৰা সকলোখিনি পাবলৈ সক্ষম নহও। প্ৰতিটো বৰ্ষৰ শেষতে আমি কেতবোৰ পৰিকল্পনা কৰোঁ ।একেদৰে সকলোখিনি যে যোগাত্মক অথবা ইতিবাচক খবৰেই বছৰটোই আগবাঢ়ি যাবলৈ চেষ্টা চলোৱা হয় । আমি যদি পাৰ হৈ যাব খোজা বছৰটোৰ অভিজ্ঞতাৰে নতুন বছৰটোত আগবাঢ়ি যাবলৈ চেষ্টা চলোৱা হয় । আমি যদি পাৰ হৈ যাব খোজা বছৰটোক এবাৰ জুকিয়াই চাব বিচাৰোঁ তেন্তে ২০২২ বৰ্ষটো আৰম্ভ হোৱাৰ প্ৰায় লগে লগে কোভিদ মহামাৰীৰ তৃতীয়টো ঢৌৱে ৰাজ্যখনৰ বহুলোককে সংক্ৰমিত কৰিছিল । সেয়েহে বহু নিষেধাজ্ঞা আৰু সামাজিক ব্যৱধানৰ মাজত থাকিয়েই প্ৰথম দুটা মাহ অতিক্ৰম হৈছিল । কোভিদৰ এই সংক্ৰমনে ৰাজ্যখনৰ  আৰ্থ সামাজিক খনতো যথেষ্ট প্ৰভাৱ পেলাইছিল । মাৰ্চ, এপ্ৰিল মাহৰ পৰা ৰাজ্যৰ কোভিদ সৃষ্টি পৰিবেশ পৰিস্থিতি যথেষ্ট উন্নত হৈছিল যদিও মে, জুন মাহৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল । এই বৰ্ষৰ সঘনাই হোৱা কেইবাটাও বানপানীয়ে ৰাজ্যখনক বাৰুকৈয়ে জুৰুলা কৰিছিল । মহানগৰীতে এইটো বৰ্ষত বানে হাঁহাকাৰ অবস্থাৰ সৃষ্টি কৰিছিল । মহানগৰীৰ বিভিন্ন অকলৰ মানুহে বহুদিনলৈ আশ্ৰয় শিবিৰত থাকিবলগীয়া  অবস্থা হৈছিল । বহুদিনলৈ মানুহে পানীৰ মাজত হাঁহাকাৰ কৰি কটাবলগীয়া হৈছিল ।অথচ মানুহৰ বাবে খোৱা পানীচুপিৰো অভাৱ হৈছিল । বহুদিনলৈ শিক্ষানুষ্ঠান সমুহ বন্ধ ৰাখিবলীয়া হৈছিল, বিভিন্ন ঠাইত দোকান বজাৰো বন্ধ আছিল । মুঠতে স্বাভাৱিক জীৱন যাজ বহুদিনলৈ ব্যাত হৈছিল।ইয়াৰ লগে লগে মুল্যবৃদ্ধিৰ সমস্থাই সাধাৰণ মানুহক জুৰুলা কৰি পেলাইছিল । ৰন্ধন গেছ চিলিণ্ডাৰ আৰু অন্যান্য অত্যৱস্বকীয় খাদ্য সামগ্ৰীৰ চৰা দামে সৰ্বসাধাৰণ ৰাইজক বিপাঙত পেলাইছে । বছৰটোত হত্যা, হিংসা, মহিলা নিৰ্যাতনৰ ঘটনা সমুহেও সৰ্বসাধাৰণ ৰাইজক যথেষ্ট ভৰাই তুলিছিল ।বিশেষকৈ মহিলা, যুৱতীৰ ওপৰত হোৱা উৎপীডণৰ ঘটনা, কন্যাশিশুৰ পৰা আৰম্ভ কৰি আদহীয়া মহিলাৰ ওপৰত হোৱা ধৰ্ষণৰ ঘটনা লৈকে , শিক্ষকে ছাত্ৰীৰ ওপৰত কৰা যৌন অপৰাধলৈকে এনে ধৰণৰ ঘটনা ৰাজ্যখনত বহু পৰিমাণে বৃদ্ধি পাইছে ।দিন দুপৰতে ব্যৱসায়ীক, অফিছৰ কৰ্মচাৰীক গুলিয়াই হত্যা কৰা ঘটনা, বিদ্যালয়ৰ পৰা শিশু অপহৰণ দিন দুপৰতে মহিলা/যুৱতীৰ ডিঙিৰ চেইন টানি নিয়া ইত্যাদি ঘটনা সমুহে সৰ্বসাধাৰণ ৰাইজক যথেষ্ট শংকিত আৰু সচকিত কৰি তুলিছে ।২০২২ বৰ্ষটোৱে আমাৰ ৰাজ্যৰ বৌদ্ধক, সামাজিক সাংস্কৃতিক জগতৰ কেইবাগৰাকী পুৰোধা ব্যক্তিক আমাৰ মাজৰ পৰা আঁতৰাইলৈ গ’ল । মহাপুৰুষ শ্ৰীমন্ত শংদেবৰ তিথিৰ দিনটোতে মাজুলীৰ এক উজ্বল সম্ভাৱনা নিজৰ গীত, নৃত্যৰ প্ৰতিভাৰে অসমৰ সাংস্কৃতিক জগতখন পোহৰাই তোলা কিশোৰী শিল্পী তেজস্বীতা বৰুৱাৰ অকাল মৃত্যু হ’ল ।ইয়াৰ পিছত অসমৰ লোক সাহিত্য সংস্কৃতিৰ অন্যতম পুৰোধা ব্যক্তি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ নবীন চন্দ্ৰ শৰ্মাদেৱ আমাৰ মাজৰ পৰা আঁতৰি গ’ল । ইয়াৰ ঠিক পিছতেই অসমৰ সত্ৰীয়া ৰ সংস্কৃতিৰ অন্যতম সাধক, বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ট দেৱ শৰ্মা বুঢ়া সত্ৰীয়াৰ মৃত্যু আমাৰ ৰাজ্যৰ বাবে এক ডাঙৰ ক্ষতি । অসমীয়া বোলছবি জগতৰ সুদক্ষ অভিনেতা , সচাঁকৈয়ে অসমীয়া ছিনেমা জগতৰ অন্যতম জনপ্ৰিয় সুদৰ্শন অভিনেতা, বলিষ্ঠ অভিনেতা নিপন গোস্বমীদেৱৰ মৃত্যুৱে অসমৰ সংস্কৃতি প্ৰেমী সকলো ৰাইজকে কন্দুৱালে ।ইয়াৰ ঠিক পিছ দিনা খনেই প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱে এই ধৰাৰ মায়া এৰি অজান দেশলৈ গুছি গ’ল । বছৰটোৰ শেষৰ ফাললৈ প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞান মনস্ক লেখক, জ্যেষ্ঠ সাংবাদিক ড০শিৱনাথ বৰ্মন ছাৰৰ মৃত্যু আমাৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি । মানুহৰ মৃত্যু অৱধাৰিত । কিন্তু এইসকল লোকে আমাৰ সমাজত সংস্কৃতিলৈ যোগাই যোৱা বাৰেবৰণীয়া, অমূল্য অৱদান সমূহক আমি উপযুক্তভাৱে সংৰক্ষণ কৰিব লাগিব আৰু ভবিষ্যত উত্তৰসুৰীৰ কামত লগাব লাগিব। এয়াই হব তেওঁলোকৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি ।নতুন বছৰ এটা আৰম্ভ হয় । চাব গলে হিচাপত ৩৬৫ টা দিন । কিন্তু চকুৰ পলকতে বছৰটো শেষ হৈ যায় । প্ৰথম ছোৱাত মানুহৰ অনুভৱে নহয় সময়বোৰ কিদৰে পাৰ হৈ যায় । কিন্তু বছৰটোৰ শেষৰ ফালেহে লেখ জোখ হয় । লগতে কোনোটো বছৰ যে সম্পূৰ্ণ সফলভাৱে পাৰ হয় তেনে নহয় । সংগ্ৰাম, সুখ আৰু দুখ, ঘাট, প্ৰতিঘাট প্ৰতিটো বৰ্ষতেই থাকে । এই সকলো বিলাক অতিক্ৰম কৰিয়েই আমি আগবাঢ়ি গৈ থাকিবলগীয়া হয় ।২০২২ বৰ্ষটোক নেতিবাচক দিশ যিদৰে আছিল, একেদৰে ইতিবাচক দিশো আছিল। এটা উল্লেখযোগ্য দিশ যে ২০২১ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ২০২২ চনৰ প্ৰথম দুটা মাহলৈ কোভিদ মহামাৰীয়ে আমাৰ ৰাজ্যখনতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। ২০২২ বৰ্ষত ৰাজ্যখনত এই কোভিদৰ মাৰাত্মক সংক্ৰমণ প্ৰায় নিয়ন্ত্ৰিত হয়। কোভিদ পৰিস্থিতিয়ে যোৱা দুটা বৰ্ষত মানুহৰ সামগ্ৰিক জীৱন যাত্ৰাত যি নেতিবাচক প্ৰভাৱ পেলালে তাৰ ফলত সকলোফালে যি অচলাৱস্থাৰ সৃষ্টি হৈছিল সেই অৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে আৰু মানুহৰ জীৱনযাত্ৰা বহু পৰিমাণে স্বাভাৱিক হ’বলৈ ধৰে আৰু মানুহৰ জীৱন জীৱিকাৰ মূল আধাৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈও গতিশীলতা আহে। এয়া আমাৰ ৰাজ্যৰ বাবে নিঃসন্দেহে ইতিবাচক দিশ। ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত ৰাষ্টা-ঘাট পথ দলং আদি নিৰ্মাণৰ কাম খৰতকীয়া হৈছে। এই ২০২২ বৰ্ষৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এইটো বৰ্ষৰ ভিতৰতে আমি স্বাধীনতাৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ। আমি স্বাধীনতাৰ বীৰ বীৰংগণা সকলৰ কাহিনী সমূহ সাধুকথাৰ নিচিনাকৈ শুনিছিলোঁ। এইবাৰ স্বাধীনতাৰ বিজয় উৎসৱত অংশলৈ আমাৰ লগতে উঠি অহা প্ৰজন্মৰ বহুতেই স্বাধীনতাৰ গৌৰৱময় ইতিহাসৰ বহু নজনা কথাও জানিবলৈ সক্ষম হ’লো। ঠিক একেদৰেই বছৰটোৰ শেষৰ ফালে মহাবীৰ লাচিতৰ জন্মজয়ন্তীৰ মহা উৎসৱ প্ৰত্যক্ষ কৰিলোঁ। লাচিতৰ দৰে এজন মহাবীৰক ৰাষ্ট্ৰীয় পৰ্য্যায়ত অধিষ্ঠিত কৰি তেখেতক সন্মান যচাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। কোভিদ পৰিস্থিতিৰ মাজত শিক্ষা, সাংস্কৃতিক ক্ষেত্ৰত হোৱা শূণ্যতাৰ পৰা ওভোতাই আনি শিক্ষাখণ্ডক পুনৰ স্বাভাৱিক কৰি তুলিবলৈ বহুতো সূদূৰ প্ৰসাৰী পদক্ষেপ হাতত লোৱা হৈছে। একেদৰে অৰ্ধমূত হৈ পৰা সাংস্কৃতিক ক্ষেত্ৰখনকো পুনুৰোজ্জীৱিত কৰিবলৈ চেষ্টা কৰা হৈছে। বিশেষকৈ মবাইল অৰ্থাৎ ভ্ৰাম্যমান থিয়েটাৰ সমূহ এইটো বৰ্ষত পূৰ্ণগতিত চলিছে। মুঠতে দুটা বছৰ কোভিদ মহামাৰীয়ে ৰাজ্যবাসীক অস্থিৰ আৰু শংকিত কৰি ৰখাৰ পিছত ২০২২ বৰ্ষটোত কোভিদ পৰিস্থিতিয়ে ঘূৰি আহিছিল। এয়াই আছিল প্ৰকৃতাৰ্থত ২০২২ বৰ্ষটোৰ বাবে আটাইতকৈ ইতিবাচক দিশ।এইদৰেই ঋতু আহে, ঋতু যায়। সময়বোৰো বোৱতী নদীৰ দৰে খৰ গতিৰে পাৰ হৈ যায়। প্ৰতিটো বৰ্ষই দৰাচলতে আশা নিৰাশা, সুখ-দুখ, আনন্দবেদনা, পোৱা- নোপোৱাৰ সমষ্টি। এইসকলোবোৰৰ মাজে দিয়ে মানুহে পুৰণিক বিদায় দি নতুনক আঁকোৱালি লয়।আশা কৰে সকলোৱে যে নতুন দিনবোৰে মানুহৰ জীৱনলৈ আহিবলগীয়া সময়বোৰত সুখ সমৃদ্ধি কঢ়িয়াই আনিব, নোপোৱাবোৰ পোৱা কৰিব, হতাশাবোৰ আশালৈ পৰিৱৰ্তিত কৰিব। নতুন আৰু পুৰণিৰ মাজত নো কি বিশেষ ব্যৱধান।নতুনবোৰেই এদিন পুৰণি হয়, আকৌ নতুন আহে। তথাপিও সময়ে কেইটামান মূহুৰ্ততে মানুহৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিব পাৰে। গতিকে আহিবলগীয়া সময়খিনিত গঠনমূলক কিবা এটা হোৱাটো সকলোৱে বিচাৰে। মানুহৰ জীৱনবোৰ সুৰক্ষিত আৰু সুন্দৰ হোৱাটো সকলোৱে বিচাৰে। হয়তো ২০২২ বৰ্ষৰ বিদায়ী ক্ষণত আৰু ২০২৩ বৰ্ষৰ প্ৰাকমূহুৰ্তত থিয় হৈ আমি সকলোৱে একেমুখে কম যে আমাৰ সকলো মানুহৰে জীৱনবোৰ সুৰক্ষিত হওঁক নিৰাপত্তাৰ ফালৰ পৰা সুৰক্ষিত হওঁক, স্বাস্থ্যৰ ক্ষেত্ৰৰ পৰা সুৰক্ষিত হওঁক, অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা সুৰক্ষিত হওঁক। গতিকে আমাৰ সৰ্বসাধাৰণ অভিভাৱক স্বৰূপ চৰকাৰ খনে আমাক সুৰক্ষিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমি আশা কৰিম নতুন বছৰটোত আমাৰ ৰাজ্যৰ আইন শৃঙ্খলাৰ ব্যৱস্থাটো উন্নীত হওঁক, বিশেষকৈ সৰ্বসাধাৰণ ৰাইজৰ লগতে মহিলা,যুৱতী সকলৰ নিৰাপত্তাৰ ব্যৱস্থাটো যথেষ্ট শিথিল হৈ পৰিছে।বিশেষকৈ বলাৎকাৰ, যৌন উৎপীড়ণৰ ঘটনা সমাজৰ যথেষ্ট বৃদ্ধি পাইছে। এই অপৰাধৰ লিপ্ত অপৰাধী সকলক কঠোৰ হাতেৰে অৰ্থাৎ আইনী প্ৰক্ৰিয়াৰে নিয়ন্ত্ৰণ কৰিবলৈ এখন কটকটীয়া আইন প্ৰস্তুতকৰণৰ কাম আৰম্ভ হ’ব লাগে। আন এক দিশত আমি সৰ্বসাধাৰণ ৰাইজে পৰিৱৰ্তন বিচাৰোঁ,সেয়া হৈছে মূল্যবৃদ্ধিৰ দিশটো নিয়ন্ত্ৰিত হওঁক ৰাজ্যত বিশেষকৈ অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী, গেছ চিলিণ্ডাৰ,জীৱনৰক্ষাকাৰী ঔষধ আদিৰ ক্ষেত্ৰত চৰকাৰে কথাটো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰক। আমাৰ ৰাজ্যখনত ভয়াবহ গতিত ৰাঢ়ি অহা অপৰাধ সমূহলৈ লক্ষ্যৰাখি আমি সকলোৱে বিচাৰিম যে ৰাজ্যৰ আৰক্ষীবিভাগটো অধিক সক্ৰিয় আৰু গতিশীল হওঁক। আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কটো বেছি সহজ আৰু সুন্দৰ হওঁক। যোৱাটো বৰ্ষৰ দেখা শুনা কিছু অভিজ্ঞতাৰ পৰা কৈছোঁ যে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডটো আৰু অধিক উন্নীত হোৱাটো প্ৰয়োজন আছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা চৰকাৰী চিকিৎসালয় সমূহৰ আন্তঃগাঁঠনি আৰু অধিক উন্নীত হোৱাটো প্ৰয়োজন।ঠিক এনেদৰে ৰাজ্যবাসীয়ে নতুন প্ৰত্যাশাৰে নতুন বছৰটোক আকোঁৱালি ল’বলৈ সাজু হৈছে।কুঁৱলী ঠেলি পোহৰক আদৰিবলৈ প্ৰস্তুত হৈছে ৰাইজ। নতুন বছৰৰ প্ৰতীক্ষাৰ এই সময়ছোৱাত আমি সকলোৱে এইটোৱেই অংগীকাৰ কৰিব লাগে যে আমি প্ৰত্যেকেই ব্যক্তিত্বৰ বিশালতা, প্ৰজ্ঞাৰ প্ৰসাৰতা, সময়ৰ আহ্বানৰ মাজেদি সমাজখনক নতুনকৈ সজাব লাগে।