নতুন বছৰৰ প্ৰথমটো দিনতে এক মৰ্মান্তিক দুৰ্ঘটনাৰ সাক্ষী হ’ল দিল্লী
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন বছৰৰ প্ৰথমটো দিনতে এক মৰ্মান্তিক দুৰ্ঘটনাৰ সাক্ষী হ’ল দিল্লী। গাড়ীৰ সৈতে স্কুটীৰ সংঘৰ্ষৰ পিছত স্কুটী চালক মহিলাক গাড়ীৰ তলত ১২ কিলোমিটাৰ চোঁচোৰাই নিলে ঘাতক গাড়ীখনে। দিল্লীৰ কাঞ্জৱালা ছুলতানপুৰীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। এই লোমহৰ্ষক ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি টুইট কৰিছে দিল্লীৰ উপ–ৰাজ্যপালেও। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে ছাক্সেনাই টুইট কৰি লিখিছে, ‘কাঞ্জৱালা–ছুলতানপুৰীত যি অপৰাধ সংঘটিত হ’ল, এই অমানৱীয় ঘটনা দেখি স্তম্ভিত হৈছো। আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ হৈছে। অপৰাধীক কৰায়ত্তও কৰা হৈছে। সকলো তদন্ত কৰি থকা হৈছে।’’ কিন্তু ঘটনা ইমানে শেষ হোৱা নাই। নিহত যুৱতীগৰাকীৰ পৰিয়ালৰ দাবী, তেওঁলোকৰ কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। যুৱতীগৰাকীৰ মাতৃয়ে জনায়, ‘‘তেওঁৰ শৰীৰৰ কাপোৰ ফালি–চিৰি গৈছিল। এয়া কেনেকৈ হ’ব পাৰে? যেতিয়া তেওঁক উদ্ধাৰ কৰা হৈছিল, তেওঁৰ দেহত কাপোৰেই নাছিল। আমি ইয়াৰ সম্পূৰ্ণ তদন্ত বিচাৰিছো। দোষীৰ শাস্তি বিচাৰো।’’