নৱবৰ্ষ আদৰণি – নিতিষ্মান দাস

PC-The Quint

নৱবৰ্ষ আদৰণি

নিতিষ্মান দাস, অষ্টম শ্রেণী

নতুন সপোনেৰে নৱবৰ্ষ আহিল,
পুৰণি বছৰৰ আজি অন্ত পৰিল।
এই বছৰৰ আছিল যত ভুল-ক্রুটি!
হে ঈশ্বৰ ভুলবোৰক দিবা ক্ষমা কৰি !
দুখী জীৱন যেন হৈ পৰক সুখী,
ঈশ্বৰে ৰাখক সকলোকে, ৰক্ষা কৰি।
চাৰিওফালে বিয়পক সুখী পৰিৱেশ,
সকলোৰে মনত সুখে যেন, কৰে প্ৰৱেশ৷
অসুস্থ লোক হৈ পৰক সুস্থ,
দুষ্ট লোক যেন হৈ পৰক শিষ্ট।
ৰত্নাকৰৰ পৰা সকলো হওক বাল্মিকী,
সকলোৰে মন হওক সুখী।
কষ্ট ভোগা লোকে যেন পাওক সফলতা,
সকলোৰে যেন থাকক মানৱীয়তা।
সপোনবোৰ যেন সকলোৰে হওক বাস্তৱ,
আৰু যেন গঢ়িম বান্ধৱী-বান্ধৱ ৷
এনেকৈ বছৰে মাৰিলে সামৰণি,
আৰু নৱবৰ্ষৰ হ’ল আদৰণি ।
ঈশ্বৰে সকলোৰে কৰক মঙ্গল,
স্মৰণীয় হওক নৱবৰ্ষৰ প্ৰতিটো পল।
আৰু যাতে ঈশ্বৰে সকলোকে কুশলে ৰাখে,
দূৰ্গতিৰ পৰা আমাক যাতে ৰক্ষা কৰে।