আঘোণৰ পথাৰ…- লক্ষীপ্ৰিয়া দাস

আঘোণৰ পথাৰ…

আঘোণৰ পথাৰত
ধান আছে নাচি
দুহাতত তুলি লৈছে কাচি।
দাৱনিয়ে লৈছে টেঙাৰ জুতি
আনন্দ মনেৰে খেতিয়কে
পথাৰত বুটলিছে সোণগুটি।
কিমান যে ধুনীয়া সোণোৱালী পথাৰখন
চাই নালাগে কেতিয়াও ভাগৰ
ৰংমন-ৰজনীয়ে কান্ধত বিৰিয়া লৈ
কঢ়িয়াইছে ডাঙৰিবোৰ।
ৰ’ লাগি চাইছো মই ৰৈ
ওৰকে নপৰে সেইবোৰ কৈ।
লক্ষীপ্ৰিয়া দাস
পঞ্চম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়
টীয়ক,যোৰহাট