শ্বহীদ-সমুজ্জ্বল শইকীয়া

শ্বহীদ

হে’ শ্বহীদ তোমাক প্ৰণাম
তুমি মহান অমৰ
জননী পূজাৰ বেদীত
তোমাৰ কলিজাৰ ৰক্ত তেজেৰ শলিতা জ্বলাই
অসমক কৰিলা স্বাধীন
হে’ শ্বহীদ তোমালোক অসমী আই সুযোগ্য সন্তান,
জননী স্বাৰ্থত নিজক বিলীন কৰিলা
প্ৰাণ দি ৰাখিলা আই মুখৰ ভাষা।
শ্বহীদ খগেশ্বৰ তুমি অমৰ হোৱা
শ্বহীদ মুজামিল হক তুমি অমৰ হোৱা
শ্বহীদ ৰঞ্জিত বৰপূজাৰী তুমি অমৰ হোৱা ।
হে’ বীৰ,তোমালোক আকৌ আহা
জননীৰ আই মৰণ কালত তুমিয়ে ত্ৰাণকৰ্তা হৈ আছিলা
হে শ্বহীদ আৰ্শীবাদে আমাক সাহস দিয়া
তোমালোকৰ আদৰ্শৰে হৈ অনুপ্ৰাণিত
বিলাব পাৰো যেন আই বুকুত শান্তিৰ বতৰা
হে,শ্বহীদ তোমাক যাচিলোঁ হৃদয়ৰ প্ৰণাম
হৃদয় উজাৰি যাচিলোঁ ভক্তিৰ অঞ্জলি,
হে শ্বহীদ তুমি অমৰ হোৱা।

সমুজ্জ্বল শইকীয়া