পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক গ্ৰেপ্তাৰ

পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গ্ৰাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকা আত্মসাৎ কৰা পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীক গ্ৰেপ্তাৰ।ৰুমী গোস্বামীয়ে আৰক্ষীৰ পৰা হাত সাৰিবলৈ অগ্ৰিম জামিন আৱেদন কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে এই আৱেদন নাকচ কৰিছে।ৰুমী গোস্বামীৰ অগ্ৰিম জামিন নাকচ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্য যে, পুথিভঁৰাল সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীয়ে ঠিকাদাৰ স্বামী প্ৰণৱ গোস্বামীৰ সৈতে মিলি সঞ্চালকালয়ৰ ৪৬ লাখৰো অধিক ধন আত্মসাৎ কৰিছিল।আত্মসাৎ কৰা ধনেৰে দুয়ো পতি-পত্নীয়ে মিলি তেজপুৰত অট্টালিকা নিৰ্মাণ কৰাৰ কথাও প্ৰকাশ পাইছে।এই সন্দৰ্ভত পুথিভঁৰাল সঞ্চালকালয়ৰ ফালৰ পৰা দাখিল কৰা এক গোচৰৰ ভিত্তিত যোৱা ২৬ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৰুমী গোস্বামীৰ ঠিকাদাৰ স্বামী।তেতিয়াৰে পৰা পলাতক হৈ আছিল ৰুমী গোস্বামী।