ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত গুৱাহাটীৰ ছাত্ৰী বনস্মিতা কাশ্যপ

ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত গুৱাহাটীৰ ছাত্ৰী বনস্মিতা কাশ্যপ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ দ্বাৰা সন্মানিত হ’ল গুৱাহাটীৰ ছাত্ৰী বনস্মিতা কাশ্যপ।কেন্দ্রীয় শক্তি মন্ত্রালয়ে অনুষ্ঠিত কৰা ৰাষ্ট্রীয় পৰ্যায়ৰ চিত্ৰাংকণ প্রতিযোগিতাত বনস্মিতা কাশ্যপে প্রথম স্থান লাভ কৰিছে।শক্তি সংৰক্ষনৰ ওপৰত কেন্দ্রীয় শক্তি মন্ত্রালয়ে ১১ ডিচেম্বৰত অনুষ্ঠিত কৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা।উক্ত প্রতিযোগিতাৰ ‘খ’ শাখাত গুৱাহাটী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী কাজিতা কাশ্যপ প্রথম হৈছিল।শক্তি মন্ত্ৰালয়ে বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা বঁটা আৰু সম্মান গ্রহণ কৰে বনস্মিতাই।তদুপৰি শক্তি মঞ্চালয়ে বনস্মিতাই অংকন কৰা ছবিখন ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক উপহাৰ হিচাপে প্রদান কৰে।উল্লেখযোগ্য যে ২০১৮ চনতো শক্তি মন্ত্রালয়ৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰাংকণ প্রতিযোগিতাত বনস্মিতা দ্বিতীয় হৈছিল।গুৱাহাটীৰ ৰূপবর্ণম ফাইন আর্ট ছ’চাইটিৰ অধ্যক্ষ অনুপ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত চিত্ৰাংকণৰ অনুশীলন কৰা বনস্মিতা পাঞ্জাবাৰীৰ বতাহঘূলিৰ বাসিন্দা প্রশান্ত দাস আৰু গিনিতা দাসৰ কন্যা।স্বাভাৱিকতেই চিত্ৰাংকণৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা ছাত্ৰী গৰাকীয়ে নিজৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই আনিছে।