মৰিয়নতী অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

Pc Time8

মৰিয়নতী অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিয়নতী অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। পুৱতিনিশা মৰিয়নীৰ বিজয়পুৰত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী কিশোৰীৰ। বৰষা গগৈ নামৰ কিশোৰীগৰাকী বন্যহস্তীৰ আক্ৰমণৰ পিছত পুৱা JMCH মৃত্যু হয়। বন্যহস্তীৰ আক্ৰমণত কিশোৰীগৰাকীৰ মাতৃ লক্ষীমাই গগৈও গুৰুতৰভাৱে আহত হয়। বৰ্তমান JMCHত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।মৃত্যু হোৱা কিশোৰীগৰাকী মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্থীৰ জাকৰ পৰা ফালৰি কাটি ওলাই অহা এটা হাতীয়ে পুৱতিনিশা বিজয়পুৰত উপদ্ৰৱ চলায়৷ পিতৃহাৰা বৰষা গগৈ মাতৃ আৰু ভাতৃৰ সৈতে হাতী অহাৰ কথা জানিব পাৰি নিৰাপদ আশ্ৰয় বাবে ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্ততে ঘৰৰ পদূলিতে বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হয়। উগ্ৰ ৰূপ ধাৰণ কৰা হাতীটোৰ আক্ৰমণত ছাত্ৰীগৰাকী থিতাতে মৃত্যু হোৱা লগতে মাতৃ লক্ষীমাই গগৈ হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাত আছে। সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHত ৰখা হৈছে৷ বৰ্তমানেও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ লগতে বন্যহস্তীৰ জাকটোক নিয়ন্ত্ৰণ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত স্থানীয় লোক ক্ষোভিত হৈ পৰিছে।