২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম বিধান সভাৰ শীতকালীন অধিবেশন

২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম বিধান সভাৰ শীতকালীন অধিবেশন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   অসম বিধান সভাৰ অধিসূচনা অনুসৰি পঞ্চদশ অসম বিধান সভা, ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন অহা ২০ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। বিধান সভা সচিবালয়ে ঘোষণা কিবা কাৰ্যসূচী অনুসৰি ২০ ডিচেম্বৰ, 2022 তাৰিখ মঙ্গলবাৰে চৰকাৰী কাৰ্যসূচীত আছে মৃত্যু প্রসঙ্গ, প্রশ্ন সমূহ, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শীতকালীন অধিবেশনৰ কাৰ্যসূচী ছিল কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা, অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, বিধান সভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নির্বাচনৰ প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন। ২১ ডিচেম্বৰ, বুধবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন। ২২ ডিচেম্বৰ, বৃহস্পতিবাৰৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰ্তিকৰণ ২৩ ডিচেম্বৰ, শুক্ৰবাৰে আছে প্রশ্নসমূহ আৰু বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে : বিধেয়ক, সংকল্প প্রস্তাৱ, বিশেষ প্ৰস্তাৱ আদি । ২৪ ডিচেম্বৰ শনিবাৰে অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি প্রশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দিষ্ট কালৰ বাবে সদন স্থগন।