আনন্দ শৰ্মাৰ চিকিৎসা,ভৱিষ্যত,চাকৰিৰ দায়িত্ব ল’ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাৰ কঠোৰ স্থিতি। ঘটনাৰ সৈতে জড়িত কোনো সাৰি নাযাব বুলি মন্তব্য। হোষ্টেলৰ তিনিওজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাক হুছেইনক অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে হাজৰিকাই।উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে।ড° জিতেন হাজৰিকাই উল্লেখ কৰে যে জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাকৰিও দিব।