ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙক লৈ কৰিছিল চূড়ান্ত অৱহেলা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙক লৈ কৰিছিল চূড়ান্ত অৱহেলা

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আজি কেবিনেট বৈঠকৰ পাছতেই আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে এই সমগ্ৰ ঘটনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গাপ দিয়া বুলি অভিহিত কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’ৰেগিং আমি সহ্য নকৰো।এই ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱহেলা স্পষ্ট হৈ পৰিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙক লৈ কৰিছিল চূড়ান্ত অৱহেলা।ৰেগিং প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে।ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কৰ্মকাণ্ডত আমি অসন্তুষ্ট।প্ৰয়োজন হ’লে তদন্তৰ আওতালৈ আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।’