মাটি -বাৰীৰ হিচাব-নিকাচ
” টাৰে টাৰে লোচা ধৰা
বিছ লোচাত কঠা ধৰা
এশ লোচাই বিঘা ধৰা “
প্ৰাচীন কালত জোখ মাখৰ বাবে সাধাৰণতে ভৰিৰ পতাৰ দৈৰ্ঘ ( এভৰি,দুভৰি…),হাতৰ আঙুলিৰ প্ৰস্থ ( দুআঙুল,তিনি আঙুল…),হাতৰ দৈৰ্ঘ্য ক ব্যৱহাৰ কৰিছিল। প্ৰাচীন মিছৰত হাতৰ কিলাকুটিৰ পৰা হাতৰ আঙুলিলৈকে এহাত হিচাপে ব্যৱহাৰ কৰিছিল আৰু এই জোখ পৃথিৱীৰ আন ঠাইতো প্ৰচলন হৈছিল। তাৰোপৰি হাতৰ আঙুলি মেলি বুঢ়া আঙুলি আৰু মধ্যমা আঙুলিৰ মাজৰ দূৰত্বক এবেগেত,দুবাৰ জুখিবলৈ হ’লে দুবেগেত আদি ব্যৱহাৰ কৰা দেখা যায়। কিন্তু সকলোৰে হাত ভৰিৰ জোখ সমান নহয় বাবে সঠিক জোখ মাখ পোৱা নাযায়।
মাটি-বাৰীৰ জোখ মাখৰ পদ্ধতি সুকীয়া। কিন্তু মাটি-বাৰীৰ জোখ মাখৰ ক্ষেত্ৰত সাধাৰণতে পুৰণি জনপ্ৰিয় পদ্ধতিটো হৈছে উপৰোক্ত বচনফাকি। পুৰণি পদ্ধতিটো হৈছে- দীঘৰ একক সমূহ
12 ইঞ্চি = 1ফুট ; 3 ফুট = 1 গজ ;
4 গজ = 1টাৰ; 12ফুট = 1টাৰ বা 1 নল
1760 গজ = 1 মাইল
কালিৰ একক সমূহ হ’ব-
1টাৰ ×1টাৰ=1বৰ্গটাৰ=144বৰ্গফুট=1লোচা ।
16(4×4)বৰ্গ গজ=1 লোচা।
20 লোচা= 20×144 বৰ্গফুট= 2880 বৰ্গফুট= 1কঠা ।
5কঠা =(5×20)100 লোচা=1বিঘা= 2880×5 বৰ্গফুট=14400 বৰ্গফুট ।
আকৌ 4 বিঘা= 1 পুৰা=4×14400 বৰ্গফুট= 57600 বৰ্গফুট ।
বৰ্তমানৰ মেট্ৰিক পদ্ধতিত
1 বৰ্গ মিটাৰ=1ছেণ্টি আৰ
100 বৰ্গ মিটাৰ=1 আৰ
10000 বৰ্গ মিটাৰ=100 আৰ=1 হেক্টৰ ।
পুৰণি আৰু নতুন পদ্ধতিৰ মাজৰ সম্পৰ্ক –
1 ইঞ্চি= 25.40 মিলি মিটাৰ,
1 মি.মি.=0.04 ইঞ্চি
1 ফুট=.3 মিটাৰ; 1মিটাৰ=1.09গজ
1গজ=0.91মিটাৰ,1মি=39.37 ইঞ্চি
1 মাইল=1.61 কি:মি: ,
1 কি:মি: =0.62 মাইল।
1 লোচা= 13.00 বৰ্গ মিটাৰ,
1 লোচা=16 বৰ্গ গজ।
1কঠা=2.688 আৰ,
1 বিঘা=13.44 আৰ।
1 বৰ্গ মিটাৰ= 1.2 বৰ্গ গজ।
1 হেক্টৰ= 2.5 একৰ
1 হেক্টৰ= 100 আৰ।
1 বৰ্গ গজ=0.84 বৰ্গ মিটাৰ
1 বৰ্গ মিটাৰ= 1 ছেণ্টি আৰ।
পুৰণি পদ্ধতিত থকা 3 বিঘা 2 কঠা 15 লোচা মেট্ৰিক পদ্ধতিত উলিয়াই চাওঁচোন-
15 লোচা=15 × 144 বৰ্গফুট
= 2160 বৰ্গফুট।
2 কঠা = 2×2880 বৰ্গফুট
= 5760 বৰ্গফুট।
3 বিঘা = 3 × 14,400 বৰ্গফুট
= 43,200 বৰ্গফুট।
মুঠ মাটি হ’ব=(2160 +5760+43200) বৰ্গফুট
=51,120 বৰ্গফুট।
বৰ্তমানৰ পাঠ্যপুথিৰ পৰা মাটি-বাৰীৰ জোখ মাখ আতঁৰাই নিলে যদিও ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ আছে। ককাদেউতাৰ পুৰণি মাটি ডৰাৰ হিচাপ এটা মেট্ৰিক পদ্ধতিত কৰি চাবাচোন । মাটিৰ পৰিমাণ 1 বিঘাতকৈ 15 লোচা কম আছে ।
বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও