” বিশ্বাস হৈছে জীৱন শক্তি ” – ব্ৰহ্মাকুমাৰ আকাশ সাহা

Pc Lifehack

” বিশ্বাস হৈছে জীৱন শক্তি “

বিশ্বাসত প্ৰচণ্ড শক্তি আছে। আমি বিশ্বাস কৰা বস্তুবোৰে আমাৰ ওপৰত গভীৰ ছাপ পেলাই দিয়ে। বৰ্তমান বহু দুখৰ কাৰণ হৈছে আমাৰ বিশ্বাস, আমাৰ মানসিকতা । আমি যেতিয়া সঁচা কথা, ইতিবাচক কথাত বিশ্বাস কৰোঁ তেতিয়া আমি সফল হওঁ কিন্তু যদি আমি নেতিবাচক কথাত বিশ্বাস কৰোঁ তেতিয়া নিশ্চয় জীৱনটো বেদনাদায়ক হৈ পৰে। গতিকে প্ৰতিটো দিশলৈ চাই, ইতিবাচক কথাবোৰ বুজি পোৱা আৰু বিশ্বাস কৰা উচিত। যদি আমি কিবা এটা কথা বা ঘটনাক ভয় কৰো, অৰ্থাৎ আমি তাৰ নেতিবাচকতাত বিশ্বাস কৰিছোঁ । যেনে, কাৰোবাৰ বিশ্বাস যে ‘মোৰ লগত সদায় বেয়া ঘটনা ঘটে’, এই বিশ্বাসে তেওঁৰ জীৱনত সুখৰ অনুমতি নিদিয়ে। আমি হয়তো তেওঁক বহুতো সুখ আৰু আনন্দৰ কথা কওঁ, কিন্তু তেওঁৰ নেতিবাচক বিশ্বাস ভংগ নোহোৱালৈকে তেওঁ সুখী হ’ব নোৱাৰে। “আমাৰ চিন্তাধাৰা, যিদৰে আছে, একে ধৰণৰ পৰিঘটনাক নিজৰ প্ৰতি আকৰ্ষণ কৰে আৰু সেই পৰিঘটনাবোৰ বাৰে বাৰে ঘটাৰ লগে লগে বিশ্বাসটো গভীৰ হৈ পৰে”। কোনোবাই হয়তো বিশ্বাস কৰিব, ‘মই সফল হ’ব নোৱাৰো’, ‘মানুহ বোৰ বেয়া’, ‘খং নোহোৱাকৈ কাম কেনেকৈ হ’ব’, ‘মই কৰিব নোৱাৰো’, ‘টেনচনটো প্ৰয়োজনীয়’, যেতিয়ালৈকে আমি এনে বাক্যত বিশ্বাস কৰিম, আমি যি বিচাৰো তাৰ পৰা সদায় আঁতৰত থাকিম। যেতিয়া আমি নেতিবাচক কথাবোৰত বিশ্বাস কৰোঁ তেতিয়া আমাৰ মনটোৱে তাক জোৰেৰে ধৰি লয় আৰু আমি দুখ, অশান্তি, ভয়, চিন্তাৰ অনুভৱ কৰো। ইয়াৰ বিপৰীতে আমি যদি ইতিবাচক কথাবোৰত বিশ্বাস কৰোঁ যেনে- ‘মই সকলো কৰিব পাৰো’, ‘একোৱেই কঠিন নহয়’, ‘টেনচনে মোক স্পৰ্শও কৰিব নোৱাৰে’, ‘ভগৱান মোৰ সংগী’, এনেবোৰ চিন্তাধাৰায় আমাক সফলতাৰ অনুভব কৰাব। “যদি আমি দুখ, বেদনা, ভয়, অশান্তি আদি অনুভৱ কৰো, তেন্তে আমাৰ বিশ্বাস নিশ্চিতভাৱে নেতিবাচক আৰু যদি আমি প্ৰেম, আনন্দ, শান্তি, সুখ আদি অনুভৱ কৰো তেন্তে আমাৰ বিশ্বাস সত্য আৰু ইতিবাচক”।
যদি আমি নেতিবাচক বিশ্বাসক ইতিবাচক বিশ্বাসলৈ সলনি কৰো তেন্তে জীৱনটো সুখী আৰু শান্তিপূৰ্ণ হৈ পৰিব। কিছুমান মানুহে পুৰণি বিশ্বাস,ৰীতি-নীতিক অমান্য কৰে, সেইবোৰ সলনি কৰিব নিবিচাৰে বা এৰি যাব নিবিচাৰে, তেতিয়া তেওঁলোকে জীৱনত নতুনত্ব আৰু সুখ অনুভৱ কৰিবলৈ সক্ষম নহয়। পৰিস্থিতি প্ৰতিকূল হ’ব পাৰে, কিন্তু আমি যদি ইতিবাচক হওঁ, তেনেহ’লে পৰিস্থিতি ক্ৰমান্বয়ে আমাৰ বাবে অনুকূল হৈ পৰিব। বিশ্বাস হৈছে জীৱনৰ শক্তি। আমি যিবোৰ বস্তুত বিশ্বাস কৰোঁ, আত্মাৰ সকলো শক্তি সেই দিশত বৈ যাবলৈ আৰম্ভ কৰে। মহাভাৰতত একলব্যৰ কথা বৰ্ণনা কৰা হৈছে, তেওঁক গুৰু দ্ৰোণে শিক্ষা নিদিয়াৰ পিছতো নিজকে শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি দেখুৱাইছিল, কাৰণ তেওঁ বিশ্বাসক নিজৰ শক্তি কৰি লৈছিল। আজিও ভকত সকলে বিচৰা ফল কেনেকৈ পায়? য’ত দেৱতাসকল হাজাৰ বছৰ আগতেহে আছিল। তেওঁৰ মূৰ্তিত শক্তি আছে নে সাধকৰ বিশ্বাসত শক্তি আছে? জ্যোতিষীসকলে ৰত্নৰ আঙঠি দি কয়, আপোনাৰ কাম হ’ব, নিশ্চয় হ’ব। ই কাম কৰে কিন্তু কেনেকৈ? কাৰণ সেই ব্যক্তিজনৰ বিশ্বাস হৈ গৈছে যে- মোৰ কাম হৈ যাব। এতিয়া আঙঠিত ক্ষমতা আছে নে ব্যক্তিজনৰ বিশ্বাসত? বহুতে কয়, আমি ঈশ্বৰক কিয় বিশ্বাস কৰা উচিত? ইয়াৰ পৰা আমি কেনেদৰে লাভৱান হʼম? আমি বিশ্বাস কৰোঁ কাৰণ ইয়াৰ দ্বাৰা আমাৰ অনুভৱবোৰ সুন্দৰ হ’ব, অনুভূতিবোৰ আনন্দময় হ’ব, আমাৰ চিন্তাবোৰ ইতিবাচক হৈ পৰিব আৰু জীৱনটো সহজ হৈ পৰিব, আমাৰ মনটোৱে বেয়াবোৰ এৰি দিব আৰু জীৱনত সুখ-শান্তিৰ অনুভূতি বাঢ়িব। আজিকালি আনকি বিজ্ঞানীসকলেও বিশ্বাস কৰে যে আধ্যাত্মিকতাই নেতিবাচকতা নিৰ্মূল কৰিব পাৰে আৰু এটা গৱেষণাৰ মতে বিশ্বাসীসকলতকৈ নাস্তিকসকল বেছি বেমাৰত পৰে। ঈশ্বৰৰ ওপৰত বিশ্বাসে আমাক স্বাস্থ্য, সুখ, আনন্দ সকলো দিয়ে।
আমিও নিজৰ ওপৰত বিশ্বাস কৰা উচিত, আমি যিদৰে আছো সেইদৰে ভাল। ‘মই সৰ্বশক্তিমান ঈশ্বৰৰ সন্তান, যদি আপুনি কোনো কাম এই দৃঢ়তাৰে কৰে,তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। যিজন ব্যক্তিয়ে নিজকে বিশ্বাস নকৰে, তেওঁ সদায় ভাবে, মই কৰিম নে নকৰোঁ, মই কৰিব পাৰিম নে নোৱাৰিম। এনে ব্যক্তিয়ে জীৱনত একো সাধন কৰিব নোৱাৰে, গতিকে এই সন্দেহৰ কৃমিটো উলিয়াই আনি নিজৰ ওপৰত বিশ্বাস কৰক। সন্দেহৰ কৃমিয়ে বিশ্বাসক খাই পেলায়। আত্মসন্মান আৰু আত্মবিশ্বাসেৰে ভৰা এজন ব্যক্তিয়ে সকলোৰে ওপৰত নিজৰ ছাপ এৰি দিয়ে। সম্পৰ্কতো আমি যদি ইজনে সিজনক বিশ্বাস কৰোঁ, তেতিয়া সম্পৰ্কটো মধুৰ, স্বচ্ছ আৰু সুন্দৰ হৈ পৰে। আজিকালি সম্পৰ্কৰ তিক্ততা আৰু বিচ্ছিন্ন হোৱাৰ কাৰণো ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অভাৱ। গতিকে আত্মসন্মান বৃদ্ধি কৰি নিজকে বিশ্বাসেৰে ভৰাই তোলক।

 ব্ৰহ্মাকুমাৰ আকাশ সাহা
সৰভোগ,বৰপেটা জিলা