ভাৰত আৰু আফগানিস্তানৰ ফিফাৰ অন্তিম কোৱালিফায়িং মেচ ১-১ৰ ব্যৱধানত ড্ৰ’

pc The Indian Express

অনলাইন বাৰ্ত্তাসেৱা – খেলখন অতি প্ৰতিযোগিতামূলক হৈ পৰিছিল দ্বিতীয়াৰ্ধত। দ্বিতীয়াৰ্ধতে দুয়োটা দল আক্ৰমণাত্মক হৈ পৰে। দুয়োটা দলে নিৰন্তৰ আক্ৰমণৰ সৈতে তেওঁলোকৰ প্ৰতিদ্বন্দীতা কৰিছিল। প্ৰথমাৰ্ধত কোনোটো দলেই স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল। দ্বিতীয়াৰ্ধত ৭৫ মিনিটত আফগানিস্তানৰ গ’ল কিপাৰ ‘অ’ভাইচ আজিজি’য়ে নিজৰ গ’ল প’ষ্টত গ’ল কৰে আৰু ফলত ভাৰতে অগ্ৰগতি লাভ কৰে।  আফগানিস্তানে পিছত পুনৰ এটা গ’ল স্ক’ৰ কৰে আৰু দুয়োটা দলে সমতা স্থাপন কৰে। উল্লেখ্য যে যদিও ভাৰতে ফিফাৰ বাবে কোৱালিফাই কৰিবলৈ সক্ষম নহ’ল তথাপি আগন্তুক ২০২৩ৰ এছিয়া কাপৰ বাবে কোৱালিফাই কৰিবলৈ সক্ষম হয় আজিৰ এই খেলখনৰ ফলাফলৰ পিছত।