চৰাঞ্চলৰ বাসিন্দাকো ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী অসম চিভিল চ’ছাইটিৰ

Pc The Janambhumi

চৰাঞ্চলৰ বাসিন্দাকো ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী অসম চিভিল চ’ছাইটিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ আঁচনিৰ জৰিয়তে একপ্ৰকাৰ নতুন ভূমি নীতি ঘোষণা কৰি ৰাজ্যচৰকাৰে চৰাঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰিছে । একেসময়তে, অঞ্চল বিশেষৰ আন চৰাঞ্চলক বিশেষ সুবিধা প্ৰদান কৰি চৰাঞ্চল সমূহৰ মাজতো বৈষম্য সৃষ্টি কৰা হৈছে আৰু এই বৈষম্যৰ লক্ষ্য যে চৰৰ মুছলমান বসতি প্ৰধান অঞ্চল, সেয়া স্পষ্ট । অসমৰ চৰাঞ্চলৰ মুছলমানসকল অসমীয়া জাতিৰ এৰাব নোৱাৰা অঙ্গ আৰু অসমৰ কৃষিক স্বনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত এই চৰাঞ্চলসমূহৰ অৱদান কোনো অৰ্থনীতিবিদেই অস্বীকাৰ কৰিব নোৱাৰে । বছৰৰ বেছিভাগ সময়েই পানীত ডুবি থকা চৰৰ পতিত মাটিত কৃষি কাৰ্য সম্ভৱ কৰি অসমৰ কৃষি অৰ্থনীতিক অতিৰিক্তভাৱে সমৃদ্ধ কৰিছে চৰৰ কষ্টসহিষ্ণু কৃষক সকলেই । অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সাহিত্যক চহকী কৰা অন্যতম জনগোষ্ঠী এটা হৈছে চৰৰ বাসিন্দাসকল । বিগত সময়ছোৱাত অসমৰ এই চৰাঞ্চলসমূহেই চৰকাৰী উচ্ছেদৰ লক্ষ্য হৈ পৰিছে । ভূমিৰ ওপৰত কৃষকৰ অধিকাৰ সৰ্বজন স্বীকৃত । এনে অৱস্থাত চৰাঞ্চলৰ বসিন্দাক বসুন্ধৰা ২ৰ আঁচনিৰ পৰা আতৰাই ৰখা কাৰ্য কেৱল বৈষম্যমূলকেই নহয়, অসমৰ কৃষি অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰতেই ই বিৰূপ প্ৰভাৱ পেলোৱাৰ আশঙ্কা আছে । অসম চিভিল চ’ছাইটিয়ে চৰাঞ্চলৰ বাসিন্দাসকলৰ প্ৰতি প্ৰদৰ্শন কৰা বৈষম্যমূলক আচৰণৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু কৃষকক মাটিৰ অধিকাৰ প্ৰদান আৰু দীৰ্ঘদিন ভোগ দখল কৰা লোকক পট্টা প্ৰদানৰ নীতি অনুসৰণ কৰি চৰাঞ্চলৰ মানুহকো মাটিৰ পট্টা দিবৰ বাবে অসম চৰকাৰক আহবান জনায় ৷