সেমেকা শীত
সময়ৰ দূৰন্ত গতিত
মোহনীয় শৰতে মেলানি মাগিলে,
একোকে উমান নিদিয়াকৈ
কেতিয়া যে ভুমুকি মাৰিলেহি
সেমেকা শীতে।
লগত লৈ আহিছে
জ্বৰ, কাঁহ, চৰ্দি যতমানে ৰোগ।
ধূলি, ধোঁৱাই আকাশ ছানি ধৰিছে,
শুকান বতৰে মনবোৰো শুকুৱাই নিছে।
ডাঠ কুঁৱলী ফালি সুৰুয ওলোৱালৈ
বাট চাওঁতে চাওঁতে,
পশ্চিম আকাশত ডুবিবই হয়।
দাৱনীৰ হাতৰ কাঁচি হাততেই ৰয়।
শীতৰ ফৰকাল জোনাক নিশাই
ৰঙীন কৰে সেমেকা মনবোৰ।
কবিৰ কলমেৰে নিগৰি আহে
মনৰ ছন্দময় ভাৱবোৰ।
ময়ূৰাক্ষী গগৈ