স্বাস্থ্য ৰক্ষা কৰিবলৈ হ’লে জিভাৰ সংযম ৰক্ষা কৰক ধিং এক্সপ্ৰেছ হিমা দাসৰ ৰাইজক আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত উদ্বেগজনক হাৰত কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰত জীৱন-শৈলী আৰু খাদ্যাভ্যাস অন্যতম কাৰক।ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃঅমল কটকীৰ এই বক্তব্যৰ আলম লৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীট হিমা দাসৰ আহ্বান -স্বাস্থ্য ৰক্ষা কৰিবলৈ হলে জিভাৰ সংযম ৰক্ষা কৰক।ৰাষ্ট্ৰীয় কৰ্কট সচেতনতা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ ‘ধিং এক্সপ্ৰেছ’ হিমাই আৰু কয় যে, খেলুৱৈসকলে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সদায়েই সতৰ্ক হ’ব লাগে।সেইদৰে সাধাৰণ ৰাইজ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অলপ সজাগ হলে বহু ৰোগ নিজেই প্ৰতিৰোধ কৰিব পাৰিব।ইয়াৰ লগতে তেওঁ সকলোকে নিজৰ শৰীৰৰ সুস্থতাৰ বাবে কম পক্ষেও এঘণ্টা সময় ব্যয় কৰিবলৈ আহ্বান জনায়।