গুৱাহাটীৰ মাজমজিয়াত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

Pc The Indian Express

গুৱাহাটীৰ মাজমজিয়াত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ৰাতিপুৱা গুৱাহাটীৰ গণেশগুৰিত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো গণেশগুৰিৰ পদপথত পৰি থকা অৱস্থাত পোৱা গৈছে। লগতে, বৰ্তমানলৈ মৃত লোকজনৰ কোনো পৰিচয় জানিব পৰা হোৱা নাই। ইফালে, দিশপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ লগতে, স্থানীয় লোকে সন্দেহ কৰিছে যে কোনো দুৰ্বৃত্তই মানুহজনক হত্যা কৰি মৃতদেহটো পদপথত পেলাই থৈ গৈছিল।