Bambooz লৈ আহিবচোন
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও পুৰণিগুদাম গোসাইগাৱঁৰ, স্থানীয় দুজন উদীয়মান যুৱকৰ একান্ত প্ৰচেষ্টাত,এখনি আটকধুনীয়া বাঁহৰ সুন্দৰ কাৰুকাৰ্যৰে সদৌ নগাঁওবাসী,অসমবাসীলৈ তথা শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰলৈ অহা সমূহ ভক্তবৃন্দলৈ বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে আগবঢ়াই লৈ আনিছে তেওঁলোকৰ মৰমৰ Bambooz নামৰ ৰেষ্টোৰাখনি।যোৱা ৩০ছেপ্তেম্বৰৰ দিনা শুভ উদ্বোধন কৰা Bambooz খনৰ স্বত্বাধিকাৰীদ্বয় ক্ৰমে পাৰ্থপ্ৰতীম ভৰদ্বাজ আৰু মানস ৰঞ্জন বৰঠাকুৰৰ যুটীয়া প্ৰচেষ্টাত আৰম্ভ কৰা ৰেষ্টোৰাখনিৰ ভিতৰচোৱা চালে চকু ৰোৱা।যিটো সময়ত এচামে সময় পালেই দোকানৰ মুখত আদ্দা দি সময় অপচয় কৰে তেনে সময়ত পাৰ্থপ্ৰতীম আৰু মানসে সময়খিনিক উচিত মূল্য দি গোসাঁইগাৱত এখনি সুন্দৰ ৰেষ্টোৰা গ্ৰাহকৰ সন্মুখলৈ লৈ অহাটো অঞ্চলটোৰ বাবে গৌৰৱ।আহকচোন আমি সকলো বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰীমৃত্যুঞ্জয় মন্দিৰৰ পথত অৱস্থিত দুই যুৱকৰ বছৰজোৰা শ্ৰমৰ মূল্য দি এবাৰ Bambooz ৰেষ্টোৰাখনলৈ গৈ তাৰ সুস্বাদু আহাৰ গ্ৰহণ কৰি স্বত্বাধিকাৰদ্বয়ক উৎসাহিত কৰোঁ।