সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা– নগাঁও ভেৰভেৰী আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ সৌজন্যত অহা ২৭ অক্টোবৰ,(বৃহস্পতিবাৰ) ২০২২ তাৰিখে স্থানীয় ভেৰভেৰি লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত এখনি আটক ধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ মূখ্য আকৰ্ষণ হ’ব, বেহাৰবাৰী আউটপষ্ট ক্ষ্যাত কে.কে আৰু মোহনৰ অনুষ্ঠানৰ লগতে “মইনা তুমি জুই” খ্যাত যোৰহাটৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকাৰ গীতৰ শৰাই। উদ্যোক্তা সমিতিয়ে অনুষ্ঠানতো সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে।