দৰঙৰ খাৰুপেটীয়াত পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী আৰক্ষী  বিষয়াই

দৰঙৰ খাৰুপেটীয়াত পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী আৰক্ষী  বিষয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙৰ খাৰুপেটীয়াত পুনৰ খাকী পোছাকত দাগ লগালে এগৰাকী আৰক্ষী  বিষয়াই৷ এইবাৰ খাৰুপেটীয়াৰ আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত আৰু দেহৰক্ষী দিগন্ত বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে৷ দুয়োজনকে গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ ধুলাৰ ছোৰাপ আলী নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দুয়োজন ব্যক্তিক৷ বাতৰি লিখাৰ সময়লৈকে অভিযান অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই৷ উল্লেখযোগ্য যে আৰক্ষী চক্ৰ বিষয়াজনৰ বিৰুদ্ধে গোচৰ সম্বন্ধীয় কথাত সততে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আছে৷