বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত মংগলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ। কালি দিনটোত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পাছত নিশা অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত উৰে নিশা হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ থাকে। আজি গুৰুজনাৰ জন্মজয়ন্তীৰ দিনটোত বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্রীৰ আগমণ ঘটে। আজি নিত্য নৈমিত্তিক নাম প্ৰসংগৰ লগতে ১১ বজাত আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা। বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সন্মুখৰ পৰা আৰম্ভ হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। গুৰুআসন, ভাগৱত, গায়ন বায়ন, নামকীৰ্ত্তন, কৃষ্ণ, শিৱ, ৰাম-লক্ষ্মণ-সীতা আদি বিভিন্ন চৰিত্ৰৰ ভাৱৰীয়া সৈতে অৰ্ধশতাধিক সৰু বৰ বাহনেৰে আৰম্ভ কৰা শোভাযাত্ৰাই বটদ্ৰৱা, ভেটিয়নী, ভোমোৰাগুৰি, ৰাইডঙীয়া, কৰচোং, চকলাঘাট, হাতীচোং, বেবেজীয়া, জাজৰি, নসত্ৰ হৈ শলগুৰি সত্ৰৰে বটদ্ৰৱা থানত সামৰণি মাৰে। সন্ধ্যা বটদ্রৱা থানৰ ভকত ডম্বৰুধৰ নামলগোৱা, দেবেন আতৈ আৰু যোগেশ বৰনামলগোৱাই আৰম্ভ কৰা বন্তি প্রজ্বলনৰ পাছতেই কীৰ্তনঘৰ, হাটিপুখুৰী, আকাশী গংগা, দৌলমন্দিৰ, নৈমিষা ক্ষেত্র, সতী ৰাধিকা ক্ষেত্র, পদশিলাৰ লগতে শলগুৰি আৰু নৰোৱা সত্রৰ প্রতিঘৰ গৃহষ্ঠৰ পদূলিয়ে পদূলিয়ে জ্বলি উঠা হেজাৰ হেজাৰ প্রদীপৰ পোহৰত দৃষ্টিনন্দন হৈ পৰে গুৰুজনাৰ জন্মধাম। নিশা ৯ বজাৰ পৰা শলগুৰি সত্ৰৰ ভকতে পৰিবেশন কৰা শ্যামন্ত হৰণ ভাওনা উপভোগ কৰি দৰ্শক তথা ভকতসকল আপ্লুত হৈ পৰে।