কচুৱাত বোৱাৰীয়ে স্বামীৰ কষ্টোপাৰ্জিত ধন লৈ পৰকীয়া প্ৰমিকৰ লগত পলাই যোৱাৰ অভিযোগ পৰিয়ালৰ

কচুৱাত বোৱাৰীয়ে স্বামীৰ কষ্টোপাৰ্জিত ধন লৈ পৰকীয়া প্ৰমিকৰ লগত পলাই যোৱাৰ অভিযোগ পৰিয়ালৰ

কচুৱা, ৰঙিলী বাৰ্ত্তাসেৱা-   নগাওঁ জিলাৰ কচুৱাৰ চানখোলা গাৱৰ পৰা কিছুদিন পুৰ্বে বেংকলৈ যোৱাৰ কথা কৈ এটা সন্তানৰ মাতৃ এলিজা খাতুন নামৰ বোৱাৰীগৰাকী নিৰুদ্দেহ হোৱাত পৰিয়ালটো চিন্তিত হৈ পৰিছে। কৰ্মসূত্ৰে এলিজাৰ স্বামী চৌদি আৰবত থকাৰ সুযোগতে পৰকীয়া প্ৰেমিকৰ লগত পলায়নৰ অভিযোগ পৰিয়ালৰ। স্বামীয়ে বহু কষ্টেৰে বিদেশত উপাৰ্জন কৰা ধন একমাত্ৰ বিস্বাসী পত্নীৰ একাউন্টত পৰিয়ালটো চলাৰ বাবে পঠালে যদিও সম্পূৰ্ণ টকা বেংকৰ পৰা উঠাই লৈ পলায় যোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালবৰ্গই। ইফালে এটি বাৰ বছৰীয়া বছৰীয়া কন্যা সন্তান আৰু ৰুগীয়া শাহুৱেক ঘৰত থৈ বিগত ন দিনে নিৰুদ্দেহ হৈ থকা বোৱাৰীৰ কোনো সন্ধান নোপোৱাত দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। উক্ত ঘটনা সম্পৰ্কে বোৱাৰী গৰাকীৰ পৰিয়ালকো অৱগত কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে। কোনো লোকে সন্ধান পালে +918129600175 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আত্মীয়ই।উল্লেখযোগ্য যে কচুৱা আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছে বুলি পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে।