আম্বানী পৰিয়ালক ভাবুকি দিয়া মানুহজনক বিহাৰৰ পৰা আটক

Pc Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা- বিখ্যাত উদ্যোগপতি মুকেশ আম্বানিক সপৰিয়ালে হত্যাৰ ভাবুকি প্ৰদান কৰা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে।আৰক্ষীয়ে বিহাৰৰ দৰভংগাৰ মণিগাছি থানা এলেকাৰ ব্ৰহ্মপুৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱকজনক। তেওঁৰ নাম ৰাকেশ কুমাৰ মিশ্ৰ বুলি প্ৰকাশ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে যুৱকজনক নিজৰ জিম্মাত লৈছে। এজন বিষয়াই জানিব দিয়া অনুসৰি, আৰক্ষীৰ এটা দলে বুধবাৰে মাজনিশা বিহাৰ আৰক্ষীৰ সহায়ত দৰভাঙ্গা জিলাৰ পৰা সন্দেহজনক লোকজনক আটক কৰিবলৈ সক্ষম হয়। ইপিনে, আৰআইএলৰ এজন মুখপাত্ৰই কয় যে, “ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলৰ কল চেণ্টাৰত পুৱা ১২.৪৫ বজাত আৰু পুনৰ সন্ধিয়া ৫.০৪ বজাত চিকিৎসালয়খন বোমাৰে উৰুৱাই দিয়াৰ লগতে মুকেশ আম্বানী, নীতা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীক হত্যা কৰাৰ ভাবুকি দিয়া এটা ফোন পোৱা গৈছিল।