গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীক নিলম্বন
ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ গড়মূৰস্থিত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীক নিলম্বন কৰা হৈছে।মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা।ডাঃ অমূল্য গোস্বামীৰ স্থানত ডাঃ কিশোৰ কুমাৰ কামানক মাজুলীৰ একমাত্ৰ জিলা চিকিৎসালয়খনৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।ছচিয়েল মিডিয়াযোগে এই কথা জনাইছে মাজুলীৰ বিধায়ক ভূবন গামে। উল্লেখযোগ্য যে বুধবাৰে এক অনুষ্ঠানত বৰগীত গাই থকাৰ সময়তে অসুস্থ হৈ পৰিছিল তেজস্বিতা। তেজস্বিতাক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয় ।তেজস্বিতাক হাস্পতাললৈ নিয়া হয় যদিও তেওঁৰ প্ৰাণ বচাব পৰা নগ’ল।এই ঘটনাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে উঠিছিল গাফিলতিৰ অভিযোগ।উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই তেজস্বিতাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।