শিলনিজানস্থিত শ্ৰী শ্ৰী দিছিৰীগঞা সত্ৰৰ সৰবৰহি মহিলা ইন্দুবালা গোস্বামীৰ দেহাৱসান 

শিলনিজানস্থিত শ্ৰী শ্ৰী দিছিৰীগঞা সত্ৰৰ সৰবৰহি মহিলা ইন্দুবালা গোস্বামীৰ দেহাৱসান 

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ সিমামূৰীয়া অঞ্চল তথা কাৰ্বি- আংলং জিলাৰ শিলনিজানস্থিত শ্ৰী শ্ৰী দিছিৰীগঞা সত্ৰৰ ধৰ্মপ্ৰাণা মহিলা ইন্দুবালা গোস্বামীৰ দেহাৱসান ঘটে। বিজয়া দশমীৰ দিনা তেখেতৰ মহাপ্ৰয়াণত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ। উল্লেখ‍্য যে তেখেতৰ প্ৰয়াত স্বামী চণ্ডিকা বল্লভ গোস্বামী অঞ্চলটিৰ এজন জনপ্ৰিয় সমাজহিতৈশী ব্যক্তি আছিল। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ ব্যক্তি উক্ত সত্ৰৰ বাসগৃহত উপস্থিত হয় আৰু শেষকৃত সম্পন্ন কৰাত ভাগ লয়। তেখেতৰ মৃত্যুৰ সময়ত পুত্ৰ, বোৱাৰী, নাতি-নাতিনীৰে ভৰা এখন ঘৰ এৰি গৈছে। তেখেতৰ মৃত্যুত বিভিন্ন ব্যক্তিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।