১১,৮৯৬ গৰাকী বিধৱা মহিলালৈ ২৫ হাজাৰকৈ টকা

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  দুখীয়া মহিলাসকলৰ সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰা দেশৰ ভিতৰতেই সৰ্ববৃহৎ জনকল্যাণমুখী আঁচনি অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা এহেজাৰ টকাৰ পৰিৱৰ্তে প্ৰতি মাহে লাভ কৰিব ১২৫০ টকাকৈ৷ একেদৰে ৰাজ্যখনত পুনৰ ৮ লাখ মহিলাক অৰুণোদয় আঁচনিৰ অধীনলৈ অনা হ’ব৷ আনহাতে, ২০২৩ চনত প্ৰতিটো বিধানসভা সমষ্টিতে ৩০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে সহায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি তেজপুৰত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ লগতে কয় যে নতুনকৈ দহ লাখ পৰিয়ালক ৰেছন কাৰ্ড প্ৰদান কৰা হ’ব আৰু ইয়াকে লৈ ৰাজ্যখনত ৫২ লাখ লোকে ৰেছন কাৰ্ড লাভ কৰিব৷ এই ৫২ লাখ পৰিয়ালক ৫ লাখকৈ টকাৰ স্বাস্থ্য বীমা কাৰ্ড প্ৰদান কৰা হ’ব আৰু এই কাৰ্ডৰ জৰিয়তে এইসকল পৰিয়ালে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন চিকিৎসালয়ত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব৷ অৱশ্যে, ইয়াৰ লগতে আয়ুষ্মান কাৰ্ড থকাসকলে অতিৰিক্ত স্বাস্থ্য বীমাৰ সুবিধাও লাভ কৰিব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰত আয়োজিত বিশাল সভাত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত এককালীন সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি  তেওঁ কয় যে এতিয়াৰে পৰা ১৮–৪৫ বছৰ বয়সৰ মহিলাই দুৰ্ভাগ্যবশতঃ বিধৱা সাজ পৰিধান কৰিলে সেই মহিলাগৰাকীলৈ চৰকাৰে আগবঢ়াব পেঞ্চনৰ সুবিধা৷ ইন্দিৰা মিৰিৰ নামত উৎসৰ্গিত সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত আজি ৰাজ্যৰ সৰ্বমুঠ ১১,৮৯৬গৰাকী বিধৱা মহিলালৈ আগবঢ়োৱা হৈছে ২৫ হাজাৰ টকাৰ চে’ক৷ ৰাজ্যৰ প্ৰায়সমূহ জিলা সদৰতে এই আঁচনি মন্ত্ৰী-বিধায়ক আৰু জিলা প্ৰশাসনৰ লোকৰ উপস্থিতিত মুকলি কৰাৰ বিপৰীতে তেজপুৰত এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ একেটা অনুষ্ঠানতে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে ঘৰ -বাৰী, সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা ৩০৮টা পৰিয়ালক এক লাখকৈ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা হয়৷ তেজপুৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত চে’ক বিতৰণী অনুষ্ঠানত শোণিতপুৰৰ ৪৬৪গৰাকী, বিশ্বনাথৰ ২৩১গৰাকী আৰু ওদালগুৰিৰ ১৭৫গৰাকী বিধৱা মহিলাৰ লগতে নগাঁও জিলাৰ  কলিয়াবৰ মহকুমাৰ ৭২১গৰাকী ১৮–৪৫ বছৰ বয়সৰ বিধৱা মহিলাক তেজপুৰত এককালীন আৰ্থিক সাহায্যৰ চে’ক প্ৰদান কৰা হয়৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে আদৰণী ভাষণ দিয়া এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংঘাল, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী, শোণিতপুৰৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, এ আই ডি চিৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, বিজেপিৰ জিলা সভাপতি বাতাচ ওৰাং উপস্থিত থাকে৷