আহৈ আহ উলাই আহ- ইকবাল হুছেইন

Pc Wikipedia

আহৈ আহ উলাই আহ

ইকবাল হুছেইন

হয় দেশ তথা দহৰ সাৰ্থত আমি সকলোৱে ধৰ্ম, জাত-পাতৰ চক্ৰবেহুৰ পৰা উলাই অহা উচিত। নহলে ‘ধৰ্ম’ নামৰ এই অস্ত্ৰবিধে মানুহক খুলি খুলি খাৱ। আচলতে ‘ধৰ্ম’ নামৰ ঈশ্বৰ প্ৰদত্ত বিধি-বিধান মানৱ জাতিৰ মঙ্গল, কল্যাণ তথা হিত সাধিবলৈ প্ৰৱৰ্তন কৰা হৈছিল। পৰম ব্ৰহ্মাই মানুহক সুন্দৰভাৱে সৃষ্টি কৰি তেওঁলোকক বিবেক-বুদ্ধি, মানৱীয় গুণ আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰি ‘ধৰ্ম’ নামৰ অনুশাসনযুক্ত এক জীৱন ব্যৱস্থা প্ৰদান কৰিছে। যাতে মানৱ জাতিয়ে ধৰাৰ বুকুত এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, ভাতৃত্ববোধৰ সমাজ গঢ়ি সৃষ্টিৰ শ্ৰষ্টা মহান আল্লাহৰ কৃতজ্ঞতা প্রকাশৰ লগতে তেওঁৰ গুণাকীৰ্ত্তন কৰিব পাৰে। পৰস্পৰে পৰস্পৰক বিশ্বাসতলৈ সৃষ্টিকুলৰ মঙ্গল, কল্যাণ সাধিব পাৰে। আৰু সেই বাবেই মানৱ জাতিক সিজন কৰি পৰম পিতা পৰমেশ্বৰ আল্লাহে মানুহক জীৱশ্ৰেষ্ঠৰ উপাধিৰে বিভূষিত কৰিছে। কিন্তু পৰিতাপৰ বিষয়, আজি সেই অকৃতজ্ঞ, ধৈর্যহীন মানৱ জাতিয়ে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে তেওঁৰ মনোনীত ধৰ্মৰ পৰিপন্থী কামসমূহ কৰি গৈছে। পাৰস্পৰিক সম্পৰ্ক মজবুত কৰি এখন সৰ্বাংগ সুন্দৰ মানৱ সমাজ গঠনৰ সলনি পৰস্পৰে পৰস্পৰক হিংসা, ঘৃণা, নিন্দা, ঈৰ্ষা কৰিবলৈ লৈছে। এই মনুষ্য জাতিয়ে সমাজত সাম্প্ৰদায়িকতাবাদ, বৈষম্য তথা অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টি কৰি অশান্তি সৃষ্টিত নিমজ্জিত হৈ পৰিছে। বিশেষকৈ আমাৰ মানৱ সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষত এই প্ৰৱণতা বৃদ্ধি পাইছে। আজি বিশ্বৰ ভিতৰত আমেৰিকা, চীন, ৰাছিয়া, ইংলেণ্ড, জাপান, ইটালী, দুবাই আদি ৰাষ্ট্ৰবোৰ অনেক উন্নত। তাৰ তুলনাত চাবলৈ গলে প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ দেশ ভাৰতবৰ্ষ তেনেই পিছপৰা, কিন্তু কিয়? তাৰ কাৰণ বিশ্লেষণ কৰিলে পৰিস্ফুত হৈ পৰে যে, আমি ভাৰতীয়সকলে কেৱল ধৰ্ম, জাত-পাতলৈ ব্যস্ত আৰু পশ্চিমা সকলে ধৰ্ম, জাত-পাতৰ উৰ্ধত গৈ কেৱল উন্নতিৰ কথাহে চিন্তা কৰে, যাৰ বাবে আজি তেওঁলোক প্ৰগতিশীল ৰাষ্ট্ৰলৈ পৰিনত হৈছে আৰু দিনকদিনে উন্নতিৰ দিশে ধাৱমান হৈয়েই আছে। তেওঁলোকৰ অগ্ৰগতিৰ বিৰামহীন যাত্ৰাৰ প্ৰত্যক্ষদৰ্শী আমি ভাৰতীয়সকলে যদি বিভেদৰ এই নীচ মানসিকতা সলনি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ পদাংক (সংস্কৃতি নহয়) গ্ৰহণ কৰিব পাৰোঁ তেন্তে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ৰঙ-ৰূপ সলনি হৈ পৰিব। এতিয়াওঁ সময় আছে; জাতি-ধৰ্মৰ চক্ৰবেহুৰ পৰা উলাই আহি নিজ দেশ তথা দহৰ উন্নয়নৰ কথা ভৱাৰ। নহলে মনুষ্য জীৱন মূল্যহীন হোৱাৰ লগতে প্ৰতিযোগিতাৰ এই ২১ শতিকাত মঙ্গল গ্ৰহলৈ যোৱাৰ কক্ষপথত বাধা হৈ থিয় দিয়া হ’ব। গতিকে আহক প্ৰতিজন ভাৰতবাসীয়ে ধৰ্ম, জাত-পাতৰ নিচাত মাতাল হৈ সেই আদিম আৰু বৰ্বৰ যুগলৈ ধাৱমান হোৱাৰ পৰিৱৰ্তে চন্দ্ৰপৃষ্ঠত অৱতৰণৰ সপোন ৰচোঁহি। এবাৰ ভাৱোঁহক; ধৰ্ম, জাত-পাতৰ মেৰপাকত পৰি আমি দেশৰ একতা, শান্তি আৰু প্ৰগতিৰ বাটত প্ৰাচীৰ হৈ থিয় দিয়া নাইনে? যদি তেনেকুৱাই হয়, তেন্তে ই হ’ব আত্মঘাতী আৰু দেশ মাতৃৰ সৈতে প্ৰবঞ্চনাৰ নামান্তৰ। প্ৰসংগত উল্লেখ্য যে, কেইদিননো জীয়াই থাকিম আমি এই ধৰিত্ৰীৰ বুকুত? ক্ষণস্থায়ী জীৱনত মানুহ হৈ মানুক কিয় কৰোঁ অৱজ্ঞা, অৱহেলা? এবাৰ চকুমুদি চাওঁচোন এই মায়াবিনী জগতখন কেৱল অন্ধকাৰেই অন্ধকাৰ। তাৰ পাছতো আমি এই ক্ষন্তেকীয়া জীৱনত কিহৰ বাবে ইমান গৌৰৱ-আহংকাৰ কৰোঁ? আৰু কিয়ই বা কৰোঁ জাতি-ধর্ম’লৈ পৰস্পৰে পৰস্পৰক হিংসা, ঘৃণা, নিন্দা তথা ঈৰ্ষা? এতিয়াওঁ সময় পাৰ হৈ যোৱা নাই, আহক আমি সকলোৱেই জাতি, ধর্ম, বর্ণ, ভাষা, গোষ্ঠী আৰু দল-মত নিৰ্বিশেষে হাতে হাত ধৰি, কান্ধত কান্ধ মিলাই আমাৰ প্ৰাণপ্ৰিয় ৰাষ্ট্ৰখনক বিশ্ব গুৰুৰ আসনত উপবিষ্ট কৰিবলৈ আহোপুৰুষাৰ্থ কৰোঁহি। জয় হিন্দ, জয়তু অসম।—_