ভাৰতত ৮,৫৮৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc The University of Queensland

ভাৰতত ৮,৫৮৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৮,৫৮৬ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪৮ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৭,৪১৬ জনলৈ বৃদ্ধি হৈছে। । শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৯৬,৫০৬ জন।ভাৰতত যোৱা ২৪ ঘণ্টাত ৯,৬৮০ গৰাকলোক আৰোগ্য লাভ কৰাৰ বিপৰীতে মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৩৭,৩৩,৬২৪জনলৈ বৃদ্ধি পাইছে।