চমু বাট বিচাৰি- বন্দিতা শৰ্মা কন্দলি

Pc Value Reserach

চমু বাট বিচাৰি

পিমু,কুইণ আৰু ৰিতু তিনিও নলে গলে লগা বন্ধু। সৌভাগ্য ক্ৰমে সিহঁতৰ গাঁওখনৰ নামো তিনিচুকীয়া গাওঁ। নাম টোৰ অৰ্থ নথকা নহয়! গাঁওখনৰ আকৃতি ত্ৰিভুজাকৃতি । গতিকে এই আকৃতিগত বৈশিষ্ট্যৰ বাবেই এই নাম।তিনিও বন্ধুৰ ঘৰ তিনিটা চুকত। হ’লেও সিহঁত বিদ্যালয় লৈ সদায় একেলগে অহা-যোৱা কৰে। বিদ্যালয় ছুটিৰ পাছত তিনি বন্ধু আৰু সমনীয়াহঁতৰ লগত গাঁৱৰ খেলপথাৰ খনত সদায় ফুটবল খেলে। এদিনাখনৰ কথা। সকলো খেলুৱৈ খেলপথাৰত গোট খালে। কিন্তু পিমু টীম লিডাৰ আহি পোৱাহি নাই। সকলো অধৈৰ্য হৈ পৰিছ। অলপ সময় অপেক্ষা কৰাৰ পাছত সেইদিনা খেল খন স্থগিত ৰাখিবলৈ সিদ্ধান্ত ল’লে। খেলুৱৈ সকল ঘৰা-ঘৰি গ’ল। কুইণ আৰু ৰিতু খেল পথাৰত কিছু সময় ৰৈ টিমুৰ ঘৰলৈ গৈ খবৰ এটা ল’বলৈ যোৱা টো থিক কৰিলে। কথা মতেই কাম। কুইণে ৰিতুক ক’লে ৰিতু , টিমুৰ ঘৰলৈ অলপ দুৰ আছে। সেয়ে ঘৰলৈ গৈ মাক কথাটো জনাব লাগিব। ৰিতুৱে কুইণৰ কথাত হয়ভৰ দিলে। দুয়োটা প্ৰথমে কুইণৰ ঘৰলৈ গ’ল আৰু তাৰ পাছত ৰিতুৰ ঘৰলৈ গ’ল। ৰিতুৰ মাকক সকলো কথা বুজাই কৈ দুয়োটা পিমুৰ ঘৰ পালেগৈ। পিমুৱে ৰিতু আৰু কুইণক দেখি বৰ আনন্দ পালে। সি আগদিনা ফুটবল খেলি ঘুৰি আহোঁতে চাইকেলৰ পৰা পৰি ভৰিত আঘাত পাইছিল। সেয়ে পিমুৱে খেলিবলৈ যাব পৰা নাছিল বুলি ক’লে।তিনিও বন্ধুৱে কথা পাতি থাকোতে সন্ধিয়া হ’বৰ হ’ল। এনেতে পিমুৰ দেউতাকে ক’লে কুইণ তুমি চমু বাটেৰে যাবা! সেই বাটটো লুংলুঙিয়া (ঠেক), আমি আগতে গৰু আনো! সেয়ে এই বাটটোক গৰুবাট বুলিও কোৱা হয়।কুইণে পিমুৰ দেউতাকে কোৱা বাটেৰে গৈ সোনকালেই ঘৰ পালেগৈ। মাক-দেউতাকক পিমুৰ খা-খবৰ জনাই সি পঢ়াৰ মেজত বহি ভাবিলে, ত্ৰিভুজাকৃতি সিহঁতৰ গাঁওখনৰ তাৰ ঘৰৰপৰা ৰিতুৰ ঘৰলৈ আকৌ ৰিতুৰ ঘৰৰপৰা পিমুৰ ঘৰলৈ ত্ৰিভুজৰ দুটা বাহু অতিক্ৰম কৰি যাওতে যিমান সময় লাগিল, এতিয়া পিমুৰ ঘৰৰ পৰা তাৰ ঘৰ (ত্ৰিভুজৰ তৃতীয় বাহু) পাওঁতে কম সময় লাগিল।কুইণৰ বিদ্যালয়ত গণিতৰ ত্ৰিভুজৰ ধৰ্ম এটা প্ৰমাণ কৰাৰ কথা মনত পৰিল।ধৰ্মটো আছিল ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্যৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ। শ্ৰেণীকোঠাত বহিত আঁকি প্ৰমাণ কৰাতো আজি ব্যৱহাৰিক ক্ষেত্ৰত প্ৰমাণ পালে। তাৰ মনতো খুব ভাল লাগি গ’ল।সি লগে লগে ৰিতু আৰু পিমুলৈকো ফোন লগালে।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও