শুভমান গিলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শতক অৰ্জন

Pc The Week

শুভমান গিলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শতক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- শুভমান গিলে জিম্বাবোৱে শৃংখলাত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। টীম ইণ্ডিয়াৰ অপেনাৰ শুভমান গিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰে। ২২ বছৰীয়া শুভমান গিলে তৃতীয় এদিনীয়াত জিম্বাবোৱেৰ বিৰুদ্ধে ৮২ টা বলত শতক অৰ্জন কৰে। ২০১৯ চনত এদিনীয়া খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা শুভমানে ৩০টা আন্তঃৰাষ্ট্ৰীয় ইনিংছত প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে।