জাতীয়তাবাদৰ পৰিক্ৰমা আৰু অসম- ফখৰুদ্দিন আহমেদ

Pc- Directorate of Handloom & Textiles

জাতীয়তাবাদৰ পৰিক্ৰমা আৰু অসম

ফখৰুদ্দিন আহমেদ

অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাউলুং চুকাফাৰ জৰিয়তে । ১২৬৮ খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যু হৈছিল আৰু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াই ভৰ যৌবন লাভ কৰি প্ৰায় সম্পুৰ্ণতা পাইছিল অসমৰ জাতীয় জীৱনৰ মহা সংগঠক , সংস্কাৰক , অসমত নব বৈষ্ণব আন্দোলনৰ ধাৰক আৰু বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ হাতত। এই জনা মহাপুৰুষেই আছিল অসমীয়া জাতীয়তাবাদৰ প্ৰথম প্ৰবক্তা।
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবৰ প্ৰথমা পত্নী গৰাকীৰ মৃত্যুৰ পিছত তেখেতে উত্তৰ ভাৰত ভ্ৰমণ কৰিছিল । এই ভ্ৰমণৰ লক্ষ্য আছিল উত্তৰ ভাৰতৰ সাংস্কৃতিক গাঁও , নগৰ আৰু চহৰবোৰ লগতে বিভিন্ন তীৰ্থস্থান সমূহ। এই ভ্ৰমণৰ সময়ত সমগ্ৰ উত্তৰ ভাৰতত গা কৰি উঠিছিল বৈষ্ণবী আন্দোলন । এই আন্দোলনৰ দ্বাৰা মহাপুৰুষ গৰাকী বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল।
অসমলৈ প্ৰত্যাবৰ্তন কৰি মহাপুৰুষ গৰাকীয়ে নব বৈষ্ণব ধৰ্মৰ ধাৰাক অসমৰ জনমানসত প্ৰতিষ্ঠা কৰাৰ কামত নিজকে উৎসৰ্গিত কৰিছিল। তেখেতৰ এই কৰ্মত সংগ দিছিল তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰী শ্ৰী মাধব দেব তথা আন ভকত বৈষ্ণব সকলে। দৃষ্টি নিবদ্ধ কৰিবলগা বিষয়টি আছিল এই যে তেখেতৰ শিষ্যত্ব গ্ৰহণৰ ক্ষেত্ৰত ধৰ্ম , জাতি আৰু সম্প্ৰদসয় আদিক গুৰুত্ব দিয়া হোৱা নাছিল । সকলো ধৰ্ম , জাতি আৰু সম্প্ৰদায়ৰ মানুহকে তেখেতে শিষ্যত্ব প্ৰদান কৰিছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেব আৰু তেখেতৰ প্ৰিয়তম শিষ্য শ্ৰীশ্ৰী মাধব দেবে নব বৈষ্ণব ধৰ্মৰ ধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বৰগীত , নাট , ভটিমা , তত্বমূলক গ্ৰন্থ আদি ৰচনাৰ আশ্ৰয় লৈছিল। এই সাহিত্যিক গুণ সৰ্বস্ব ৰচনাৰাজিত তেখেত সকলে ব্যবহাৰ কৰিছিল ব্ৰজাৱলী বা ব্ৰজবুলী ভাষা। ব্ৰজাৱলী বা ব্ৰজবুলী ভাষা অসমীয়া ভাষা আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছিল। এই প্ৰচেষ্টা আছিল অসমীয়া ভাষাক ৰাষ্ট্ৰীয়তা প্ৰদান কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰথম সংগ্ৰাম। মহাপুৰুষ দুজনাৰ মহাপ্ৰয়াণৰ বহু শতিকা অতিক্ৰম হৈ যোৱাৰ পিছত দেখা গৈছে যে মহাপুৰুষ দুজনাৰ ৰচনাৰাজিয়ে ইতিমধ্যে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰাই নহয় একক আৰু অনন্য আসন দখল কৰিবলৈয়ো সক্ষম হৈছে।
মহাপুৰুষ দুজনাৰ বৰগীত , অংকীয়া নাট , ঝুমুৰা আৰু বাচকবনীয়া গ্ৰন্থৰাজি বিশেষকৈ কীৰ্তন , দশম , নামঘোষা আৰু ভক্তি ৰত্নাৱলি কেৱল নব বৈষ্ণব ধৰ্মৰেই নহয় অসমীয়া সাহিত্যৰো অমূল্য সম্পদ আৰু মাইলৰ খুটি হিচাপে পৰিগণিত হৈ আছে।
অসমীয়া জাতিলৈ মহাপুৰুষ দুজনাৰ আন এক অবদান হৈছে নামঘৰ সমূহ। এই নামঘৰ সমূহে অসমত শান্তি , সম্প্ৰীতি আৰু একতাৰ বাণী জাতি , ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মাজতে প্ৰচাৰ কৰি আহিছে আৰু থাকিব।
মহাপুৰুষ গুৰু দুজনাৰ আবিৰ্ভাবৰ প্ৰায় এক শতিকা জোৰা ব্যবধানত পুত পবিত্ৰ অসম ভুমিত ইছলাম ধৰ্মৰ শান্তি , সম্প্ৰীতি আৰু একতাৰ বাণী লৈ পদাৰ্পণ কৰিছিলহি পীৰ আজান ফকিৰ চাহেবে সুদূৰ ইৰাকৰ বাগদাদ চহৰৰ পৰা।লগত লৈ আহিছিল শিষ্য সমন্বিতে ইছলাম ধৰ্মৰ চুফিবাদ। অসমত অসমীয়া সকলৰ জাতীয়তাবাদৰ ৰূপ দেখি চুফি সন্ত গৰাকীয়ে আৰবী বা উৰ্দু ভাষাৰে ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিবেশ নকৰি প্ৰথমতে তেখেতে নিপুণ ভাবে অসমীয়া ভাষাটি আয়ত্ব কৰি লৈ ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্ম গ্ৰন্থ কোৰাণ আৰু হাদিছৰ বাণী সমূহক ছন্দোবদ্ধ ভাবে সাংগিতিক ৰূপত জিকিৰ ৰছনা কৰি নিজৰ উদ্দেশ্যত আগবাঢ়িছিল। তেখেতে তথা তেখেতৰ শিষ্য সকলে অসমীয়া জীয়ৰী বিবাহ কৰাই প্ৰথমতে তেখেত সকল নিভাজ অসমীয়া হৈ লৈছিল।অসমৰ জাতীয়তাবাদৰ ধ্বজ্বা প্ৰথমতে তেখেত সকলে হাতত লৈছিল।
মহসপুৰুষ গুৰু দুজনাৰ পথ অবলম্বন কৰি পীৰ আজান ফকিৰ চাহেবে জাতি , ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে শান্তি , সম্প্ৰীতি আৰু একতাৰ ওপৰতহে বিশেষ ভাবে গুৰুত্ব আৰোপ কৰিছিল।
মহাপুৰুষ গুৰু দুজনাৰ দৰেই পীৰ আজান ফকিৰ চাহেবো জীৱনৰ বিয়লি বেলাত ৰাজৰোষত পৰিছিল। কিন্তু তেখেত সকলৰ জীৱন আৰু যৌবনৰ কৰ্মৰাজি পৰ্যালোচনা কৰিলে দেখা যায় তেখেত সকল উৎসৰ্গিত হৈছিল অসম আৰু অসমীয়াৰ বাবে।
সাম্প্ৰতিক সময়ত অসমত জাতীয়তাবাদৰ নামত বহুতো ব্যক্তি , দল আৰু সংগঠন দেখা যায়। অসম আৰু অসমীয়াৰ বাবে তেখেত সকলৰ অবদানো আছে। কিন্তু কিবা যেন নাই নাই। এই নাই বোলা শব্দটিত যেন বিলীন হৈ আছে স্বাৰ্থান্বেষী এচাম তথাকথিত লোকৰ নিজস্ব ধ্যাণ ধাৰণা।
কোনো শ্ৰেণী লোকৰ স্বাৰ্থৰ মাজত যেন অসমৰ সাধাৰণ জনতাৰ জাতীয়তাবোধ হেৰাই নাযায় সেয়া সাম্প্ৰতিক সময়ত লক্ষণীয় দিশ হৈ পৰিছে।
সাম্প্ৰতিক সময়ত অসমৰ সাধাৰণ জনতাৰ দায়িত্ব আৰু কৰ্তব্য হৈছে মহাপুৰুষ গুৰু দুজনা আৰু পীৰ আজান ফকিৰ চাহেবৰ জাতীয়তাবোধৰ মাজত সংপৃক্ত হৈ থকা শান্তি , সম্প্ৰীতি আৰু একতা যাতে কোনো কাৰণতে বিঘ্নিত নহয় আৰু অসমবাসীৰ ভাতৃত্ববোধে বিশ্বক আকৰ্ষিত কৰিব পাৰে তাৰ প্ৰতি প্ৰতিটো পল , অনুপলত সচেষ্ট হৈ থকা।