সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱৰ ৰচনাৱলীৰ বৈশিষ্ট্যসমূহৰ চমু অৱলোকন
শৰৎ দাস
চিলঠিয়া,বিশ্বনাথ, অসম
জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নতুন দিগন্তৰ সূচনা কৰা ব্যক্তি সকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। অসম আৰু অসমীয়া জাতীয় সত্তাক উজ্জীৱিত কৰি তোলা লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্য কৃতি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই তেওঁলোকৰ সহযোগী সকলৰ সহযোগত অসমীয়া ভাষাক এক নতুন মাত্ৰা প্ৰদান কৰে। এওঁলোকৰ পিছত অসমীয়া ভাষা সাহিত্যত সজাগতা অনাৰ বাবে ১৮৮৮ চনত কলিকতাত কেইজনমান ছাত্ৰৰ দ্বাৰা ‘ অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰা হয়। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ একান্ত প্ৰচেষ্টাত ১৮৮৯ চনত ‘জোনাকী’ কাকতে জন্ম লাভ কৰে।এই জোনাকী কাকতৰে অন্যতম কাণ্ডাৰী হ’ল লক্ষ্মীনাথ বেজবৰুৱা।
আধুনিক অসমীয়া সাহিত্যৰ অন্যতম পথপ্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সাহিত্যৰাজিৰ মূল বিশেষত্ব হল – গভীৰ জাতীয়তাবাদ, হাস্যৰস আৰু, সামাজিক আলোচনা। জোনাকী যুগৰ এই গৰাকী সাহিত্যিকে প্ৰবন্ধ, গল্প, নাটক, কবিতাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যক সমৃদ্ধিশালী কৰাৰ লগতে সমাজ সংস্কাৰ প্ৰয়াসৰ এখন নিখুঁত ছবি দেখিবলৈ পোৱা যায়। বেজবৰুৱা দেৱৰ ৰচনাৱলীৰ বৈশিষ্ট্যপূৰ্ণ দিশ সমূহ হল
জাতীয় চেতনা আৰু স্বদেশ প্ৰেম ঃ
বেজবৰুৱা দেৱৰ সাহিত্যত অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰতি গভীৰ মৰম প্ৰকাশ পাইছে। তেওঁৰ ৰচনাই অসমীয়া মানুহৰ মাজত আত্মসন্মান আৰু জাতীয় ঐক্যবোধ জগাই তুলিছিল। তেওঁৰ অমৰ সৃষ্টি ”অ মোৰ আপোনাৰ দেশ” অসম সংগীত, ‘কদমকলি’, ‘পদুমকুঁৱৰী ‘, চুটি গল্প সমূহ, নাটক, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিষয়ক গ্ৰন্থ এই সমূহত জাতীয়তাবাদী চেতনা সমূহ অতি সুন্দৰকৈ প্ৰদৰ্শন কৰিছে।
হাস্যৰস আৰু ব্যংগ ঃ
বহুমুখী প্ৰতিভাৰে উদ্ভাসিত বিচক্ষণতা আৰু কৰ্ম দক্ষতাৰে পুষ্ট লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সৃষ্টিৰাজিত ‘ৰসৰ’ প্ৰাণ উদ্দীপক চেতনা পোৱা যায়। তেওঁ ‘কৃপাবৰ বৰুৱা ‘ ছদ্মনামত ৰচনা কৰা ব্যংগ ৰচনা সমূহৰ জৰিয়তে সমাজৰ কুসংস্কাৰ, ভণ্ডামি বোৰক অতি সুন্দৰভাৱে সমালোচনা আগবঢ়াইছে।সমাজৰ বাস্তৱিক চৰিত্ৰ সমূহক জনমানসত উদঙাই দেখুওৱা, দোষ- ক্ৰুটি সমূহ সমালোচনা কৰাই তেওঁ সাহিত্যবোৰৰ মূল উদ্দেশ্য আছিল। ‘ লিতিকাই’ নামৰ প্ৰহসনৰ যোগেদি সাহিত্যিক জীৱনৰ পাতনি মেলা বেজবৰুৱা দেৱৰ চুটি গল্প, প্ৰহসনমূলক নাটকবোৰত হাস্য- ব্যংগৰ বৈশিষ্ট দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও তেওঁৰ নাটক নোমল, পাচঁনি, চিকৰপতি- নিকৰপতি এই সমূহত অতি ৰসাল ভাবে নাটকৰ কাহিনী উপস্থাপন কৰি অসমীয়া সমাজৰ বিভিন্ন দিশৰ সমস্যাৰাজিক হাস্য- ব্যংগ ৰসেৰে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে।
নাৰী মনৰ বিচিত্ৰতাৰ চিত্ৰণ ঃ
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচনাৱলীত নাৰীৰ মনস্তাত্বিক দিশসমূহৰ এখন এখন সুন্দৰ চিত্ৰণ দেখিবলৈ পোৱা যায়। তেওঁ নাৰীৰ সহনশীলতা, ত্যাগ, সাহসিকতা আদি গুণবোৰ পৰিস্ফুট কৰি তুলিছে। বেজবৰুৱা দেৱৰ চুটি গল্প ভদৰী, জয়ন্তী, পাতমুগী আদিত নাৰীৰ বিচিত্ৰ মনস্তাত্বিক দিশবোৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। নাৰীৰ ওপৰত শোষণ, লাঞ্চনা আদি দিশবোৰ তেওঁৰ চুটি গল্প ‘ কাশীবাসী’ , পাতমুগী আদিত সুন্দৰকৈ প্ৰকাশ পাইছে।
প্ৰাম্য চিত্ৰ ঃ
বেজবৰুৱা দেৱৰ সাহিত্যত অসমীয়া সংস্কৃতিৰ প্ৰকৃত ৰূপ ফুটি উঠিছে। তেওঁৰ ৰচনাত অসমীয়া গ্ৰাম্য জীৱনৰ নিভাঁজ আৰু সজীৱ চিত্ৰ প্ৰতিফলিত হৈছে। তেওঁৰ মুক্তি, পাতমুগী, ভুৰুকী বৌ ইত্যাদি নাটক লিটিকাই, নোমল,পাচঁনি, বুঢ়ী আইৰ সাধু ইত্যাদিত অসমীয়া গাঁৱৰ এখন সুন্দৰ চিত্ৰণ ফুটি উঠিছে।
মানৱতাবাদ ঃ
বেজবৰুৱা দেৱৰ ৰচনাত মানৱতাবাদ প্ৰধানকৈ ব্যক্তি -কেন্দ্ৰীক, উদাৰ নৈতিক, আৰু সংস্কাৰকামী। তেওঁৰ কবিতা, গল্প, নাটক আদি বহু ৰচনাত মানুহৰ সুখ, দুখ, আশা, আকাংক্ষা আদিবোৰক সচেতনতাৰে মানবতাবোধৰ এখন চিত্ৰ দাঙি ধৰিছে। তেওঁৰ কবিতা বীণবৰাগী, ৰতনীৰ বেজাৰ, বাপিৰাম, লম্বোদৰ ডেকা, জাতিৰামৰ জাত, কাশিবাসী, ভদৰী আদি গল্প আৰু তেওঁৰ উপন্যাস পদুম কুঁৱৰীত পদুম আৰু ফুলৰ চৰিত্ৰ, জয়মতী কুঁৱৰী নাটকত ডালিমী চৰিত্ৰ, আদিবোৰত মানৱতাবোধৰ এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়।
গদ্য শৈলী ঃ
বেজবৰুৱা দেৱৰ গদ্য শৈলী আছিল সজীৱ, ব্যঙ্গাত্মক আৰু এক ব্যতিক্ৰমী ৰূপ। তেওঁৰ গদ্য আছিল কোনো জটিলতা নথকা সাধাৰণ মানুহে বুজি পোৱা সহজ সৰল। সততে তেওঁৰ গদ্য ৰীতি নিভাঁজ জতুৱা শব্দ, ঘৰুৱা ফকৰা যোজনা, খণ্ডবাক্য, উপমা, অলংকাৰ আদি প্ৰয়োগ কৰি ভাষা ৰীতি অধিক মাধূৰ্যময় কৰি তোলা দেখা যায়। বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰকাশভংগীৰ আকৰ্ষণীয়তা, বৈশিষ্টপূৰ্ণ ভাষাৰীতি আৰু উপস্থাপন কৌশল তেওঁৰ গদ্য ৰীতিৰ এক ব্যতিক্ৰমী ৰূপ দেখা যায়।
বেজবৰুৱা দেৱৰ ৰচনা সম্ভাৰৰ দৰেই তেওঁ আছিল এক অনন্য প্ৰতিভাধৰ ব্যক্তি। তেওঁৰ সৃষ্টিৰাজি, জাতীয় চেতনাই অসমীয়া ভাষা সাহিত্যৰ এক নতুন গতি প্ৰদান কৰিলে। তেওঁৰ কঠোৰ সাধনা আৰু জাতীয় প্ৰেম অসমীয়া জাতিৰ বাবে সদায় অনুকৰণীয় হৈ ৰব।
