মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই
ৰঙিলী বাৰ্ত্তাসেৱা- কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷আলফা (স্বাঃ)লৈ যাবলৈ ত’ত নোহোৱা হৈছিল বৰ্ষাশ্ৰীৰ।এগৰাকী ১৯ বছৰীয়া ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি জেইলত বন্দী কৰি থোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত মুখ খুলিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদ মাধ্যমৰ ওচৰত কয় যে,”কবিতা লিখাৰ বাবে তেওঁক আমি একো কৰা নাই।সেইবোৰ মিছা কথা।কবিতা লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা নাই।কবিতা লিখক। কবিতা ময়ো লিখো। কবিতা লিখাত কোনো আপত্তি নাই। কিন্তু মই আলফা (স্বাঃ)লৈ যাব লাগে,আনক আলফা (স্বাঃ)লৈ নিব লাগে সেইবোৰ অত্যাচাৰ কৰিলেহে বিপদ।তেওঁতো যায়েই লোককো লৈ যায় বোলে, সেইবুলি লিখি থৈছে।সত্যটো এইটোৱেই যে তেওঁৰ আলফা (স্বাঃ)লৈ যাবলৈ তত নোহোৱা হৈছিল।আইজনী তই আলফালৈ যাব নালাগে, তই জে’লতে থাক।”