চৰকাৰে ১৫ জুলাইৰ পৰা ৭৫ দিনলৈ ১৮ বছৰৰ ওপৰৰ লোকক বিনামূলীয়া বুষ্টাৰ পালি প্ৰদান কৰিবঃ মন্ত্ৰী অনুৰাগ ঠাকুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক ১৫ জুলাইৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈ বিনামূলীয়া কোভিড-১৯ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।”ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছে। আজাদী কা অমৃত কাল উপলক্ষে সিদ্ধান্ত লোৱা হৈছে যে ১৫ জুলাই, ২০২২ ৰ পৰা পৰৱৰ্তী ৭৫ দিনলৈকে ১৮ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক বিনামূলীয়াকৈ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব”।