মৈৰাবাৰীত যুৱ কংগ্ৰেছৰ উদ্যোগত কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্ভৰ্ধনা

মৈৰাবাৰীত যুৱ কংগ্ৰেছৰ উদ্যোগত কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্ভৰ্ধনা

মৈৰাবাৰী , ৰঙিলী বাৰ্ত্তাসেৱা-  মৈৰাবাৰীৰ অন্তৰ্গত হাইস্কুল, হাই মাদ্ৰাছা,আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰী সকলক কংগ্ৰেছ দলৰ পৰা সম্ভৰ্ধনা জনোৱা হয়। বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ধিং সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটিৰ সহযোগত আজি আয়োজিত এই সম্ভৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে- কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ,কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, যুৱ কংগ্ৰেছৰ সভাপতি চামিম হাচান,মৈৰাবাৰীৰ বিশিষ্ট সাংবাদিক ছামছুল আলম আদিকে কৰি অঞ্চলৰ বিশিষ্ট ব্যক্তি সকল। সম্ভৰ্ধনা অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা, কিতাপ, সম্ভৰ্ধনা পত্ৰ আদিৰে সম্ভৰ্ধনা জনোৱা হয়। মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ফাইজোৰ ৰহমানৰ সভাপতিত্বত অনুস্থিত হোৱা সম্ভৰ্ধনা সভাখনত অঞ্চলটোৰ দুই শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।