পথত জাবৰ পেলালে ১০ হাজাৰ টকাৰ জৰিমনা
ৰঙিলী বাৰ্ত্তাসেৱা- সাবধান, এতিয়াৰ পৰা মহানগৰীত জধে-মধে জাবৰ পেলালে ভৰিব লাগিব মোটা অংকৰ জৰিমনা। আবর্জনা যেনি-তেনি পেলোৱা লোকৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম (জি এম চি)। কেৱল ৰাজহুৱা স্থানতে নহয়, ভৰলু বাহিনীত জাবৰৰ টোপোলা দলিয়ালেও ভৰিব লাগিব জৰিমনা। ডাষ্টবিনৰ পৰিবর্তে অন্য স্থানত জাবৰ পেলোৱাৰ অপৰাধত ১০ হেজাৰ টকা জৰিমনা বিহিবলৈ থিৰাং কৰিছে জি এম চি কর্তৃপক্ষই। পৌৰ আয়ুক্ত দেবাশিস শৰ্মাই আজি সংবাদ মাধ্যমৰ জৰিয়তে এই বিষয়ে স্পষ্ট কৰে। উল্লেখযোগ্য যে পূর্বতে ৰাজহুৱা স্থানত জাবৰ পেলালে পৌৰ নিগমে ৫০০ টকাৰ পৰা এহেজাৰ টকাৰ জৰিমনা বিহিছিল। কিন্তু জি এম চিৰ সোপাঢিলা নীতিৰ সুযোগ লৈ অহাত য’তে-ততে আবর্জনা পেলোৱা দেখা গৈছিল। যাৰ বাবে সম্প্রতি পূৰ্বৰ তুলনাত অধিক কঠোৰ হ’বলৈ বাধ্য হৈছে নিগম কর্তৃপক্ষ। যেনি-তেনি আবর্জনা পেলোৱা লোকৰ বিৰুদ্ধে জি এম চিৰ দুটা ডিভিজনৰ বিষয়া কৰ্মচাৰীয়ে ৰাখিব তীক্ষ্ণ দৃষ্টি। পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এই সন্দৰ্ভত নিগমৰ কাৰ্যবাহী অভিযন্তাৰ তত্ত্বাৱধানত ছটা ডিভিজনত শীঘ্ৰে গঠন কৰিব নিৰীক্ষকৰ দল। তদুপৰি ৰাজহুৱা স্থান অথবা ভৰলু, বাহিনী নৈত জাবৰ পেলোৱা লোকৰ বিষয়ে সাধাৰণ ৰাইজেও ৭৩৯৯০-০৩০০১ অথবা ৮৮১১০-০৭০০০ ম’বাইল নম্বৰযোগে জি এম চি কর্তৃপক্ষক জনাব পাৰিব। ইফালে, পৌৰ আয়ুক্ত দেবাশিস শর্মাই জনোৱা অনুসৰি এতিয়াৰ পৰা প্ৰতি ঘৰ লোকে শুকান আবর্জনাসমূহ এটা পাত্ৰত আৰু মাটিৰ লগত মিহলি হোৱা আবর্জনা আন এটা পাত্ৰত ৰাখিব লাগিব। জাবসমূহ পৃথকে পৃথকে ৰাখিলেহে জি এম চিৰ জাবৰ কঢ়িওৱা গাড়ীয়ে পদূলিৰ পৰা উঠাই নিব। সকলো ধৰণৰ পেলনীয়া আৱৰ্জনা একেলগে জমা কৰি ৰাখিলে জি এম চিৰ কৰ্মীয়ে উঠাই নিয়াৰ পৰা বিৰত থাকিব বুলিও পৌৰ আয়ুক্তই সকীয়াই দিয়ে। অৱশ্যে এইক্ষেত্ৰত নিগম কর্তৃপক্ষই প্ৰতিঘৰ লোকক প্ৰথম অৱস্থাত আহ্বান জনায়। কিন্তু তাৰ পিচতো আবর্জনা পৃথকে পৃথকে নাৰাখিলে কঠোৰ হ’ব জি এম চি কর্তৃপক্ষ। উল্লেখযোগ্য যে জাবৰ জোঁথৰ, আবর্জনা যেনি-তেনি পেলোৱাৰ ফলতে মহানগৰীৰ অধিকাংশ নলা-নৰ্দমা একপ্ৰকাৰ বন্ধ হৈ পৰিছে। যাৰ পৰিণতিতে কিছুদিন পূর্বে মহানগৰীত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছিল বুলিও ভিন্ন মহলে মন্তব্য কৰিছে। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলে কালি সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি শেহতীয়াভাৱে নলা-নর্দমাসমূহৰ পৰা ১ লাখ ৪০ হেজাৰ মেট্রিক টন জাবৰ উলিওৱা হৈছে। এতিয়াও মহানগৰীৰ প্ৰায়ভাগ সৰু-বৰ নলা প্লাষ্টিকৰ বেগ বটল-পলিথিন তথা অন্যান্য আৱৰ্জনাৰে ভৰি আছে। এনে প্রেক্ষাপটত আবর্জনা পেলোৱাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই কঠোৰ স্থিতি গ্রহণ কৰা কাৰ্যই যথেষ্ট তাৎপর্য বহন কৰিছে। কিন্তু এনেবোৰ নিৰ্দেশনা পূৰ্বৰ দৰে কেৱল কাগজে-পত্রই সীমাবদ্ধ থাকিব নে বাস্তব ক্ষেত্ৰত সম্পূৰ্ণৰূপে কার্যকৰী হ’ব সেয়াও নিশ্চিতভাবে লক্ষণীয় হ’ব।