আজিৰে পৰা বন্ধ ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা দেশত বন্ধ ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ।কোনো ধৰণৰ এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক বা পলিষ্টাইৰিন সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। আজিৰে পৰা ইয়াক উৎপাদন, আমদানি বা মজুত কৰিব নোৱাৰিব।এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে।একক ব্যৱহাৰৰ সামগ্ৰীবোৰ হৈছে কেৱল এবাৰ ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হয়। চৰকাৰৰ ফালৰ পৰা সৰ্বমুঠ ১৯ প্ৰকাৰৰ সামগ্ৰীৰ ওপৰত নিষিদ্ধতা আৰোপ কৰিছে।ভৱিষ্যতে এই তালিকাত আৰু বহুতো সামগ্ৰীৰ নাম সন্নিবিষ্ট হ’ব।আজিৰে পৰা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এনে সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিব। এই ক্ষেত্ৰত ৰাজ্যৰ লগতে কেন্দ্ৰৰো ভূমিকা থাকিব।নিষিদ্ধতা আৰোপ কৰা এই তালিকাত আছে বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি,প্লাষ্টিকৰ পতাকা,কেণ্ডি ষ্টিক,আইচক্ৰীম ষ্টিক,থাৰ্মোকল,প্লাষ্টিকপ্লেট, প্লাষ্টিক কাপ, প্লাষ্টিক গ্লাছ, প্লাষ্টিক কাটলেৰী, প্লাষ্টিক কাটা চামুচ, প্লাষ্টিক ছুৰী, প্লাষ্টিক ষ্ট্ৰ’, প্লাষ্টিক ট্ৰে, মিঠাইৰ পেকেট মেৰিয়াই বা পেক কৰা প্লাষ্টিক, নিমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট,১০০ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ,কাণ খোচৰা লাঠি।
