মহিলা প্ৰ’ হকী লীগত ভাৰত আৰ্জেণ্টিনাৰ হাতত ২-৩ গ’লত পৰাস্ত
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মহিলা হকী দলে এফআইএইচ হকী প্ৰ’ লীগ টাইৰ দ্বিতীয় পৰ্যায়ত আৰ্জেণ্টিনাৰ হাতত ২-৩ ব্যৱধানত পৰাজিত হয়। প্ৰথমাৰ্ধৰ শেষত ভাৰত ১-০ গ’লত আগবাঢ়ি আছিল। তেওঁলোকে শনিবাৰে শ্বুটআউটত প্ৰথমখন মেচ ২-১ গ’লত জিকিছিল। ভাৰত পৰৱৰ্তী ২১ আৰু ২২ জুনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি হ’ব।