ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ নিৰ্বাচিত গোলাঘাটৰ ৰঞ্জিত বৰা

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডলৈ নিৰ্বাচিত গোলাঘাটৰ ৰঞ্জিত বৰা

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ আঠগাঁও মৌজােৰ ফৰকাটিং আৰক্ষী চকীৰ অন্তৰ্গত দ-গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা দ-গাঁও লক্ষেশ্বৰ বৰা আৰু তুলুমনি বৰাৰ সুযোগ্য সন্তান ৰঞ্জিত বৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় অলিম্পিয়াডত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।উল্লেখ্য যে ২৯ আৰু ৩০ মে’ত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ উদ্যোগত গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত যোগ অলিম্পিয়াড প্ৰতিযোগিতাত গোলাঘাট জিলাৰ হৈ অংশগ্ৰহণ কৰিছিল।বৰ্তমান গাড়ীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰঞ্জিত বৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে।ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা উক্ত প্ৰতিযোগিতাত ৩০ জিলাৰ প্ৰায় ১২০ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছিল ।আনহাতে দিল্লীত সৰ্বভাৰতীয় পৰ্যায়ত ১৮ ,১৯ আৰু ২০ জুনত অনুষ্ঠিত হ’ব লগা উক্ত প্ৰতিযোগিতাত ষষ্ট শ্ৰেণীৰ ছাত্ৰ ৰঞ্জিত বৰাই অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰাত গোলাঘাট জিলা লগতে অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।অন্যহাতে উক্ত প্ৰতিযোগিতাৰ বাবে অসমৰ ১৬জন ছাত্ৰই যোগ্যতা অৰ্জন কৰিছে। ইফালে এই খবৰ বিয়পি পৰাৰ লগে লগে দ-গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে ৰঞ্জিতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।