দীপৰ বিল সুৰক্ষা মঞ্চৰ সংবাদ মেল আয়োজন

pc inside ne

দীপৰ বিল সুৰক্ষা মঞ্চৰ সংবাদ মেল আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা- দীপৰ বিল সুৰক্ষা মঞ্চই দীপৰ বিলৰ পাৰৰ শ্ৰীশ্ৰীভাঙাৰা গোসাঁই মন্দিৰৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড ট্ৰেৰণে কয় মহানগৰীৰ আৱৰ্জনা বক্ষত কঢ়িয়াই প্ৰদূষিত হৈ পৰিছে মনোৰম দীপৰ বিল। কিন্তু এই সন্দৰ্ভত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কিছুদিন পূৰ্বে সদনৰ মজিয়াত মিছা তথ্য দাঙি ধৰিছে। সংকটৰ গৰাহত পৰা দীপৰ বিলৰ পাৰত ৰজাঘৰীয়াই বাৰে বাৰে ডাম্পিং গ্রাউণ্ড স্থাপন কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব খোজা কাৰ্যৰ মঞ্চকে ধৰি সচেতন ৰাইজে তীব্ৰ বিৰোধিতা কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে দীপৰ বিল সন্দৰ্ভত একো নজনাকৈয়ে বাৰে বাৰে সদনত মিছা তথ্য দাঙি ধৰি আহিছে। যাৰ বাবে অধিক তীব্ৰ গতিত মৃত্যুমুখী হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি হেনৰী ডেভিড ট্ৰেৰণে আক্ষেপ প্ৰকাশ কৰে। সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সাধাৰণ সম্পাদক সুশীল ট্ৰেণকে ধৰি কেইবাজনো কর্মকর্তা উপস্থিত থাকে।