হেলথ্‌ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকা কৰ্মীক কংগ্ৰেছৰ সাহায্য

হেলথ্‌ চিটী হাস্পতালত চিকিৎসাধীন হৈ থকা কৰ্মীক কংগ্ৰেছৰ সাহায্য

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দলে গুৱাহাটীৰ “হেল্থ চিটী” হাস্পতালত চিকিৎসাধীন হৈ দলৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা বৰ্তমান বাস্কা জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন দৈমাৰীৰ স্বাস্থ্যৰ বুজ লয়গৈ আৰু চিকিৎসাৰ বাবে ৫০,০০০ টকাৰ এখন “চেক” তেওঁৰ পত্নীৰ হাতত অৰ্পণ কৰে।উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশক্ৰমে দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, সম্পাদকদ্বয় ৰফিকুল ইছলাম আৰু ক্ৰিদীপ বৰ্মন, যুটীয়া সম্পাদকদ্বয় জিণ্টু হাজৰিকা আৰু মুকুল আহমেদ, সংবাদ মাধ্যম বিভাগৰ সমন্বয়ক মুস্তাক গোলাম ওচমানিক লৈ গঠিত দলটোৱে হাস্পতাললৈ গৈ চিকিৎসাধীন নেতা গৰাকীৰ পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰে আৰু প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।