নীলমণি ফুকনৰ কবিতাত সমাজ বাস্তৱতা
পুলিন ডেকা
অসমীয়া সাহিত্যৰ কাব্যিক চেতনাক নৱ ৰূপেৰে উদ্ভাষিত কৰাৰ দিশত যিকেইগৰাকী কবিয়ে এক সুদৃঢ় ভেটি স্থাপন কৰিছে, সেইসকলৰ ভিতৰত নীলমণি ফুকন অন্যতম। ফুকনৰ কবিতা স্বপ্ৰতিভাৰে মণ্ডিত, সমুজ্জ্বল। তেওঁৰ কবিতাত স্বৰ স্পন্দনৰ সুৰ জীৱন্ত। বদলেয়াৰ, মালাৰ্মেৰ দৰে প্ৰতীকবাদী ধাৰাৰ প্ৰতি নীলমণি ফুকনৰ দুৰন্ত আকর্ষণে অসমীয়া সাহিত্যত আধুনিক গতিক নতুন মাত্রা প্রদান কৰে। আধুনিক কবিতাই আপাত সংযোগবিহীনতাৰ মাজত সংযোগ স্থাপন কৰে। ই কাব্যিক শৈলীৰ অতিশয় জটিল বিষয়। কিন্তু অসমীয়া কবিতাত এই বিষয়টোক প্রতিপন্ন কৰি ফুকনে কবিতাৰ অন্তৰ দৃষ্টিক অতি গভীৰ কৰি তোলে। হয়তো স্পেনিচ কবি লৰকাৰ, জাপানী কবিতা, চীনা কবিতাৰ অনুবাদে সেই ধাৰাসমূহৰ প্ৰতি অত্যুগ্ৰ আগ্রহ সূচনা কৰা বাবেই ফুকনৰ কবিতাত এটা নতুন চেতনাই প্ৰাণ পাই উঠিছে। নীলমণি ফুকনৰ ৰচনাৱলীত শোণিত বিজয় দাস আৰু মুনীন বায়নে উল্লেখ কৰিছে— ‘ফুকনৰ কবিতাত আৰম্ভণিৰে পৰা মগ্ন চৈতন্যৰ নানা অভিব্যক্তি লক্ষ্য কৰিব পাৰি। তেওঁৰ ব্যঞ্জনাশ্রয়ী চিত্রকল্প আৰু প্ৰতীকবোৰে তাৰে ইংগিত দিয়ে। ফুকনে আশীৰ দশকৰ আগলৈকে প্রকাশিত সংকলনকেইখনৰ কবিতাবোৰত চিত্রকল্প আৰু প্রতীকবাদৰ আঁৰত পশ্চিমীয়া চিত্রকলা, বিশেষকৈ পৰবাস্তৱবাদী আন্দোলনৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰিছে। তাৰ আগত মনচ্ছায়াবাদী চিত্ৰকৰসকলৰ নিসর্গ চেতনায়ো তেওঁৰ কবিতাৰ প্ৰকৃতি-চেতনাক সঞ্জীৱিত কৰিছে। অৱশ্যে পাছলৈ তেওঁৰ কবিতাৰ অর্থঘনত্ব, ভাষা আৰু প্ৰকাশভংগীৰ যথার্থতা আৰু বিশেষকৈ বোধৰ দৃঢ়পিনদ্ধতা— চীনা আৰু জাপানী কবিতাৰ ঐতিহ্যই যেন সমৃদ্ধ কৰিছে।’
পঞ্চাশৰ দশকৰ কবিতাক তেওঁ জীৱন অংশ হিচাপে লৈ বৌদ্ধিক জগতখনত এটা নিজস্ব দৃষ্টিভংগীৰে আগুৱাই যায়। কবিতাত তেওঁ বিচাৰে জীৱনৰ নৈৰ্ব্যক্তিকতা, বিচাৰে সামাজিক উদ্দীপনা। তেওঁ ব্যক্তি জীৱনৰ আৰ্তি নিবিচাৰে। সামাজিক স্বৰূপ উদ্ভাষিত কৰাৰ তাড়নাই কবিক আত্মবিভোৰ নকৰে। সৃজনশীলতাৰ তন্ময়তাত তেওঁৰ দুখ অথবা আনন্দ থাকে। কিন্তু সেই সমাহাৰৰ মাজত থাকে আত্মপ্ৰকাশৰ হাবিয়াস। এগৰাকী কবি সমাজৰ পৰা বিছিন্ন হ’ব নোৱাৰে। জীৱনৰ প্রগলভতাত কবি থমকি নৰয়। ইতিহাসৰ আহবানে কবিক লৈ যায় দিগন্তমুখী চেতনালৈ। ‘বুৰঞ্জী’ নামৰ কবিতাটোত কবিয়ে কৈছে—‘জুই জ্বলি থকা এখন অৰণ্যৰ কাষেদি আমি দুয়ো/নাৱেৰে গৈ আছিলোঁ। কুঁৱলীৰ দৰে ধোঁৱাৰ সাগৰত/ সাঁতুৰি-সাঁতুৰি চৰাইবোৰে জাকে-জাকে উৰি গৈছিল,/লানি নিছিগাকৈ পানীত উটি অহা দেখিছিলোঁ। সিহঁতলৈ আমাৰ কিন্তু বৰ মৰম লাগিছিল।’ কবিতাটোৰ ভাবাৰ্থ অতি চিত্ৰাকৰ্ষক। মানুহৰ জীৱন পৰিক্ৰমা অন্তহীন। জীৱনবোধক আঁকোৱালি ল’ব পাৰিলেই লক্ষ্যই প্রতিনিয়ত দেখুৱাই যায় সন্মুখ দৃষ্টি। প্ৰকৃতিৰ মাজেৰে কবিয়ে সেই সেউজ স্বপ্নক অৱলোকন কৰিব বিচাৰিছে। কবিয়ে সৃজনশীল চেতন্যৰ সৈতে অম্বিক কৰিবলৈ প্ৰয়াস কৰে। মানুহৰ জীৱন যুঁজ অপ্রতিহত। ধ্বংসৰ মাজত থাকে সৃষ্টিৰ সম্ভাৱনা। কবিয়ে ধ্বংসৰ মাজত মানৱতাবিহীনতাৰ ছবি এখন তুলি ধৰিবলৈ কৈছে—’দিনৰ ধ্বংস স্তূপত/নির্জনতা/ৰাতিৰ শৰীৰ/স্বপ্ন দংশনত ক্ষত,/নিঃসংগ আহত।সৈনিক/হাতৰ মুঠিত/ ভগ্ন কৃপাণ। কোনো কবিয়ে নিঃসংগ দ্বীপৰ বাসিন্দা নহয়, তেজ মঙৰ মানুহ। সমাজপ্ৰিয়তাই কবিৰ উদ্দীপনা। অৱকুণ্ঠিত সময় জীণ নিয়াই কবিয়ে আত্ম উত্তৰণৰ প্ৰয়াস কৰে। মনৰ ভাবনা আৰু কল্পনাৰ শিহৰিত শক্তিৰে সমস্ত সৃষ্টিত অৱগাহন কৰে। ফুকনে কৈছে— ‘কবিও এজন নির্যাতিত মানুহ। অত্যন্ত গোপনে চলে তেওঁৰ ওপৰত নিৰ্যাতন। নিজে নিজক কৰে নে আন কোনোবাই কৰে তেওঁক এই নির্যাতন, বা তেওঁ লিখা বা নিলিখা শব্দ আৰু কবিতাবোৰে বাৰে বাৰে তেওঁক কৰে এই নির্যাতন। কি নিৰ্যাতনৰ মাজেৰে তেওঁ প্ৰতিটো জোনাক নিশা, প্ৰতিটো বৰ্ষা আৰু শীত-বসন্তৰ নিশা কটায়। তেওঁৰো পূৰ্বপুৰুষো আছিল তেওঁৰ দৰে নিৰ্যাতিত বিদ্ৰোহী আৰু প্ৰেমিকৰ একোটা ৰক্তাক্ত শৰীৰ। তেওঁৰ যি আছিল এতিয়া সকলো জ্বলি জ্বলি শেষ। কেৱল নিৰ্যাতনৰ বাহিৰে। মৰিশালিখনত ফুলি থকা কাইপাহমান তিলফুলৰ বাহিৰে।’
নীলমণি ফুকনে কবিতাৰ মাধ্যমেৰে জীৱন জিজ্ঞাসা, অন্তৰাত্মাৰ অনুকৰণ, কল্পনা শক্তিৰ অনন্য স্বৰূপ, জীৱন-দৰ্শনৰ সামাজিক ৰূপ আৰু কলাত্মক ক্ষেত্ৰখনত বিচৰণ কৰা চেতনা পৰিষ্কাৰভাৱে তুলি ধৰাত সমৰ্থ হৈছে। কবিয়ে ইতিহাসৰ পৰা বিচ্ছিন্ন নহৈ মানুহক এনে এক সন্ধিক্ষণলৈ নিব বিচাৰিছে যে য’ত জীৱন আৰু আশা স্পন্দিত হৈ উঠিছে। কবিয়ে জীৱনৰ এক অৰ্বিচণীয় ৰূপ প্ৰকাশ কৰিছে। সহজ-সৰলবোধৰ মাজত থকা জীৱনমুখী চেতনাক আধুনিকবোধেৰে সংযোজন কৰিছিল।
কবিৰ দৃষ্টিত গাঁৱত লুকাই থকা আত্মা মানৱীয় অনুভূতিৰে পূৰ্ণ, প্ৰকৃতিৰ বিমল সুৰভিৰ মাজত জীৱনৰ বাংময়তা লুকাই থাকে। এয়া সম্ভৱ হৈছে গভীৰ অন্তৰদৃষ্টি আৰু মূৰ্ত চেতনাৰ বৰ্হিপ্ৰকাশৰ বাবে। ফুকনে বিশ্বসাহিত্যৰ যি চেতনাস্রোত তাক সম্প্ৰৰীক্ষা কৰি অসমীয়া কবিতাক এটা নতুন স্তৰত উপনীত কৰোৱায়। ফুকনে এজন কবিক মানবীয় সত্তাৰ পৰা সুকীয়াকৈ বিশ্লেষণ কৰিব বিচৰা নাই। সাধাৰণ মানুহৰ দৰে কবি এগৰাকী সামগ্রিক পৃথিৱীৰে প্রতিনিধি। কিন্তু কবিৰ মনত যি চেতনাই গা কৰে, সেই চেতনা সৃষ্টিশীলতাত অনুপম শৈলীলৈ ৰূপান্তৰিত হয়। ‘সূর্য হেনো নামি আহে এই নদীয়েদি’ নামৰ গ্ৰন্থখনত প্ৰকাশিত কবিতাসমূহত প্ৰকৃতিৰ কোলাত লালিত পালিত মানুহৰ যি চেতনা আৰু জীৱনমুখী ভাবনা তাক মূৰ্ত কৰিছে। সোণোৱালী সপোনে কবিক জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। মানুহৰ হৃদয় এটি ক্লান্ত নির্জন ভগ্ন বন্দৰ। কুঁৱলীময়। কিন্তু ৰৌদ্রস্নতা বৰফৰ দৰে সমাহিত। ‘নির্জনতাৰ শব্দ’ কাব্যগ্ৰন্থখনত কবিৰ অভিজ্ঞতাই মনঃস্তাত্ত্বিক ৰূপ লয়। কবিৰ ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’, ‘গোলাপী জামুৰ লগ্ন’, ‘কবিতা’, ‘নৃত্যৰত পৃথিৱী’ ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’, ‘সম্পূর্ণ কবিতা’ গ্ৰন্থত সন্নিৱিষ্ট কবিতাবোৰ মননশীল, তীব্র ভাবাৱেগ আৰু ভিন্নমুখী চিন্তাৰ এক বিচিত্র প্রকাশ। কবিয়ে ব্যক্তি জীৱনৰ অন্তহীন কাব্যিক সুধাৰ মাজত সমাজ জীৱনৰ অপৰিপূৰ্ণতাক একত্ৰিত কৰিছে। কবিয়ে কল্পনাৰ সেই আকাশলংঘীতাৰ বিপৰীতে আত্মদর্শন অথবা সামাজিক দৰ্শনৰ মাজত নিহিত থকা অনুভূতিক কাব্যিক উপমা, চেতনা আৰু নৈব্যক্তিকতাৰে এক বিপুল সম্ভাৱনীয়তাৰ দিশলৈ লৈ গৈছে। অনুভৱেই কবিৰ সৃজনশীলতাৰ শক্তিশালী অস্ত্ৰ। কাব্যৰ মাধ্যমেৰে তাক উজ্জীৱিত কৰি শৈল্পিক ৰূপদান কৰিছে। প্ৰকাশভংগীৰ গতিশীলতা হৈছে ফুকনৰ কবিতাৰ এক অনন্য বৈশিষ্ট্য। অসমৰ লোককলা আৰু ভাস্কৰ্যৰ নিৰন্তৰ অন্বেষণে কবিৰ শিল্পী প্রাণক সজীব কৰি ৰাখে। এইগৰাকী কবিয়ে লাভ কৰা জ্ঞানপীঠ বঁটাই অসমৰ নতুন প্ৰজন্মক সদায়ে উদ্দীপনা যোগাই যাব।