অসমত অনুচ্ছেদ 370 সদৃশ ব্যৱস্থা দাবী অখিল গগৈৰ

pc ThePrint

অসমত অনুচ্ছেদ 370 সদৃশ ব্যৱস্থা দাবী অখিল গগৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসমত ৩৭০ সদৃশ অনুচ্ছেদৰ ব্যৱস্থা ৰূপায়ণৰ দাবী জনায়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, “আমি কেন্দ্ৰক ৰাজ্যখনৰ জনসাধাৰণক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবলৈ অসমত অনুচ্ছেদ 370 বা  371 (A), 371 (F) 371 (J) ) কাৰ্যকৰী কৰিবলৈ দাবী জনাইছো। অনুচ্ছেদ 370 বা 371(A) সদৃশ সুৰক্ষা কাৰ্যকৰী নোহোৱালৈকে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল সুৰক্ষিত নহ’ব।”