অঘোণ তুমি অনন্যা – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

অঘোণ তুমি অনন্যা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

অঘোণ তুমি অনন্যা,
সোণালী পথাৰৰ সোণগুটি হৈ নামিছা ধৰাত।
সংযমী প্ৰাণত উছাহ দিয়া
নতুন দিগন্ত তুমি।

পৰিপূৰ্ণতাৰে পক্বঅভিজ্ঞতা
তোমাৰেই কোঁচত।
খেতিয়কৰ কেঁচা ঘাম
নিয়ৰৰ টোপাল হৈ
টপটপকৈ সৰিছে
ব্যাকুল মনত প্ৰাণৰ সঞ্চাৰ কৰি।

উদ্যমিতাৰ সপোন পূৰণত ব্যস্ত
অঘোণৰ অঘোণী তুমি,
হেঁপাহবোৰে জকমকাই
সোণালী ৰূপ ধৰিছে—
অঘোণ, সঁচাকৈ অনন্যা তুমি।
ক’ত শ্ৰমৰ মূল্য বাঁহী
নিথৰুৱা ভাগৰৰ জিৰণি
আগন্তুক ভোগালীৰ
তুমি আগমণি,
আঘোণ সচাকৈয়ে
অনন্যা তুমি।।