হাহাকাৰ
বস্তুৰ চৰাদাম
বজাৰত জ্বলিছে জুই ,
সৰ্বসাধাৰণৰ কথা নাভাবি
চৰকাৰ আছে শুই ৷
ৰাইজৰ মাজত হাহাকাৰ,
চৰকাৰ আজি নিৰ্বিকাৰ ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ
দাম বাঢ়িছে হোৰাহোৰে ,
সাধাৰণ জনতাৰ পৰাই
চান্দা তোলে চৰকাৰে ৷
সকলোৱে কৰে হায়-হায় ,
ৰাইজ আজি নিৰুপায় ৷
ৰাইজৰ কথালৈ
চৰকাৰে নকৰে কাণ ,
সাধাৰণ জনতা আজি
জীয়াই থকাই টান ৷
বস্তুৰ দাম বৃদ্ধি
ৰাইজৰ মূৰত ৰামটাঙোন ,
ৰাইজৰ প্ৰতিনিধিয়ে
ৰাইজকে দিয়ে ৰামঠগন ৷
খাদ্যসামগ্ৰীৰ দাম বৃদ্ধিয়ে
ৰাইজক দিছে মাধমাৰ ,
মানুহৰ দুৰ্দশা দেখিও
নেদেখা ভাও ধৰে চৰকাৰ ৷
চৰকাৰে বস্তুৰ দাম
কৰক নিয়ন্ত্ৰণ ,
নহ’লে ভোকত মৰিব
লাগিব সৰ্বসাধাৰণ ৷
-অৰুণা গোস্বামী
তিতাবৰ